বিশ্ব দৰবাৰত জিলিকিব গুৰুজনাৰ ভাওনা

0 232

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ প্ৰাকক্ষণত জামুগুৰিহাটৰ এজন যুৱক বিশেষ ভাৱে চৰ্চিত হৈ পৰিছে। জামুগুৰিহাটৰ সাংস্কৃতিৱান যুৱক জনে গুৰুজনাৰ ভাওনাক জগত সভালৈ নিয়াৰ বাবে এক প্ৰচেষ্টা হাতত লৈছে। উল্লেখযোগ্য যে অৰুপ শইকীয়া নামৰ যুৱক জনে মহাভাৰতৰ “উদ্যোগ পৰ্ব” নামৰ ভাওনা খনক ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। জানিব পৰা মতে অহা ১৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ শংকৰদেৱ ভৱনত এই ভাওনা খন প্ৰদৰ্শিত হ’ব। ভাওনাখনত ২০জন কলা কুশলীয়ে অভিনয় কৰিব। এই সম্পৰ্কে অৰুপ শইকীয়াই কয় যে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ উদ্যোগত ভাওনাখন প্ৰদৰ্শিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই ক্ষেত্ৰত সমন্বয়ক হিচাপে গীতিমল্লিকা শইকীয়া আৰু গিৰিমল্লিকা শইকীয়াই সহযোগ কৰিছে। ভাওনা খনৰ সমান্তৰালভাৱে এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। আলোচনাচক্ৰ খনত বিভিন্ন গৱেষক আৰু পণ্ডিত সকলে অংশগ্ৰহণ কৰিব। গুৰুজনাৰ সৃষ্টিৰাজীক এনেদৰে অৰুপ শইকীয়াই বিশ্বসভাত প্ৰদৰ্শিত কৰাৰ বাবে লোৱা পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.