ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ ইন চায়েন্স এণ্ড টেক’নলজী ( আই এ এছ এছ টি ) আৰু আছাম চায়েন্স টেক’নলজী এণ্ড এনভাইৰমেণ্ট কাউঞ্চিল ( এ এছ টি ই চি) ৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে আই এ এছ এছ টি চৌহদত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিবা উদযাপন কৰা হয়। এই উপলক্ষে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্যে বাখ্যা কৰে এ এছ টি ই চিৰ সঞ্চালক ডঃ জয়দ্বীপ বৰুৱাই। অনুষ্ঠানত ৰাজ্যৰ চাৰিগৰাকী বিশিষ্ট পৰিবেশবিদ ক্ৰমে – অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দুলাল চন্দ্ৰ গোস্বামী , বিশিষ্ট বন্যপ্ৰাণীপ্ৰেমী জয়ন্ত কুমাৰ দাস, বিশিষ্ট পৰিৱেশবিদ জয়ন্ত কুমাৰ শৰ্মা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সন্মানীয় বন্যপ্ৰাণী ৱাৰ্ডেন উত্তম শইকীয়াক তেওঁলোকে পৰিৱেশ সংৰক্ষণৰ হকে আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ বৰ্ষৰ পৰিৱেশ মিত্ৰৰ সন্মান প্ৰদান কৰা হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে ডঃ দুলাল চন্দ্ৰ গোস্বামী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।।ইয়াৰ উপৰিও মঙ্গলদৈ মহাবিদ্যালয়ৰ ইকো ক্লাৱ, ধেমাজী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাৱ, বাক্সাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ইকো ক্লাৱ, লখিমপুৰাৰ বাধাকাৰা হাইস্কুলৰ ইকো ক্লাৱক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা বাবে সন্মানিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ তাৎপৰ্য দাঙি ধৰি আই এ এছ এছ টিয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰখনত বিজ্ঞানসন্মতভাবে কৰি অহা গৱেষণামূলককাৰ্যৰ শলাগ লয়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ কুমাৰ ঝা উপস্থিত থাকে। আনহাতে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত বক্তৃতানুষ্ঠানত “প্লাষ্টিক প্ৰদূষণ নিৰ্মূল কৰো আহক” বিষয়ত মূল বক্তৃতা প্ৰদান কৰে যোৰহাটস্থিত এন ই আই এছ টিৰ প্ৰধান বিজ্ঞানী ডঃ বিনয় কুমাৰ শৰ্মাই।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন