ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ ইন চায়েন্স এণ্ড টেক’নলজী ( আই এ এছ এছ টি ) আৰু আছাম চায়েন্স টেক’নলজী এণ্ড এনভাইৰমেণ্ট কাউঞ্চিল ( এ এছ টি ই চি) ৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে আই এ এছ এছ টি চৌহদত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিবা উদযাপন কৰা হয়। এই উপলক্ষে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্যে বাখ্যা কৰে এ এছ টি ই চিৰ সঞ্চালক ডঃ জয়দ্বীপ বৰুৱাই। অনুষ্ঠানত ৰাজ্যৰ চাৰিগৰাকী বিশিষ্ট পৰিবেশবিদ ক্ৰমে – অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দুলাল চন্দ্ৰ গোস্বামী , বিশিষ্ট বন্যপ্ৰাণীপ্ৰেমী জয়ন্ত কুমাৰ দাস, বিশিষ্ট পৰিৱেশবিদ জয়ন্ত কুমাৰ শৰ্মা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সন্মানীয় বন্যপ্ৰাণী ৱাৰ্ডেন উত্তম শইকীয়াক তেওঁলোকে পৰিৱেশ সংৰক্ষণৰ হকে আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ বৰ্ষৰ পৰিৱেশ মিত্ৰৰ সন্মান প্ৰদান কৰা হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে ডঃ দুলাল চন্দ্ৰ গোস্বামী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।।ইয়াৰ উপৰিও মঙ্গলদৈ মহাবিদ্যালয়ৰ ইকো ক্লাৱ, ধেমাজী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাৱ, বাক্সাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ইকো ক্লাৱ, লখিমপুৰাৰ বাধাকাৰা হাইস্কুলৰ ইকো ক্লাৱক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা বাবে সন্মানিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ তাৎপৰ্য দাঙি ধৰি আই এ এছ এছ টিয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰখনত বিজ্ঞানসন্মতভাবে কৰি অহা গৱেষণামূলককাৰ্যৰ শলাগ লয়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ কুমাৰ ঝা উপস্থিত থাকে। আনহাতে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত বক্তৃতানুষ্ঠানত “প্লাষ্টিক প্ৰদূষণ নিৰ্মূল কৰো আহক” বিষয়ত মূল বক্তৃতা প্ৰদান কৰে যোৰহাটস্থিত এন ই আই এছ টিৰ প্ৰধান বিজ্ঞানী ডঃ বিনয় কুমাৰ শৰ্মাই।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ