বিশ্ব পৰিবেশ দিৱস উদযাপন

0 326


জালুকবাৰী স্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় আৰু আৰ্থ কেয়াৰ ফাউণ্ডেছনৰ সৌজন্যত আজি মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ বিনীতা ভাগৱতীৰ সভাপতিত্বত বিশ্ব পৰিবেশ দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত হয়। লগতে হোৱা বৃক্ষৰোপন কাৰ্যসূচীত অধ্যক্ষা ভাগৱতীয়ে অতি মূল্যবান বৃক্ষ ৰুদ্ৰাক্ষ ৰোপণ কৰে।

লৃনাৰিকল,নাহৰ,আম,নীম,বকুল,কৃষ্ণচূড়া,ৰাধাচূড়া,শিলিখা,আমলখি, দেৱদাৰু,ৰুদ্ৰাক্ষ, গছৰ পুলি অৰ্থ কেয়াৰ ফাউণ্ডেশ্যনে মহাবিদ্যালয়ত প্ৰদান কৰে।আৰ্থ কেয়াৰ ফাউণ্ডেছনৰ সভাপতি ৰুদ্ৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ত্ৰিদীপ শইকীয়াৰ সহযোগত সহ সাধাৰণ সম্পাদক শ্ৰী ৰাজকুমাৰ বৰদলৈয়ে পৰিচালনা কৰা বিশ্ব পৰিৱেশ দিৱসৰ সভাখনত মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ অৰুন্ধতী গোস্বামীৰ তত্বাৱধানত পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ বঁটা বিতৰণ কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰিয়ঙ্কা দাসে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে দিচা ডেকা।ৰচনা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰিয়া শৰ্মা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে দিপাংকৰ বিশ্বাসে। বিশিষ্ট অতিথি নেৰামেকৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ দাসে বৃক্ষৰোপনৰ লগতে বৃক্ষ প্ৰতিপালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ এগৰাকী সু গায়িকা মনীষা হাজৰিকা। তেখেতে ভবেন্দ্ৰ নাথ শইকীয়াৰ কবিতা আমলখি গছ জোপা কিয়নো কাটিলা কবিতা ফাঁকিৰ জড়িয়তে বৃক্ষৰ প্ৰতিপালনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.