বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়

0 219

কেমেৰাৰ নিজস্ব চিন্তাক প্ৰতিফলিত কৰা ফটোগ্রাফিয়ে বহু সময়ত আমাক নান্দনিকতাৰ স্বাদ দিয়ে’ -বিশ্ব ফটোগ্রাফি দিৱস উপলক্ষে জ্যোতি় চিত্ৰবনত আজি আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়।
চাংসাৰিস্হিত ড০ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্র আৰু টেলিভিশন প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ফটোগ্রাফিক ছ’চাইটি অৱ অসমৰ সহযোগত দিন জোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটিত মন্ত্রী বড়াই ছবিৰ জৰিয়তে কলা, বিজ্ঞান আৰু ইতিহাসকে উদযাপন কৰা বুলি উল্লেখ কৰি এক কথাত ইয়াক জীৱনৰে উদযাপন বুলিও কয়। অসমৰ জাতীয় জীৱনলৈ অহা বিভিন্ন সন্ধিক্ষণত আলোকচিত্র শিল্পী সকলে গ্ৰহণ কৰা ভূমিকাৰ লগতে অসমীয়া চলচ্চিত্ৰৰ উত্তৰণত কেমেৰামেন সকলে আগবঢ়োৱা অসামান্য অৱদানৰ কথাও মন্ত্রী বড়াই ভাষণত উল্লেখ কৰে।
সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্র দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তীয়ে বিশ্ব ফটোগ্রাফি দিৱসৰ তাৎপর্য বাখ্যা কৰাৰ লগতে সম্প্ৰতি বিশ্বত ফটোগ্রাফিৰ প্ৰভাৱৰ কথা ব্যক্ত কৰে।
এই অনুষ্ঠানতে মন্ত্রী বিমল বড়াই বিশিষ্ট আলোকচিত্ৰ শিল্পী কৈলাশ ৰাভাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। অভ্যাসগত সকলে বিশ্ব ফটোগ্রাফি দিৱস উপলক্ষে আয়োজিত আলোকচিত্র প্ৰতিযোগিতাত বিজয়ী সকলকে বঁটা প্ৰদান কৰে।ইয়াৰ পাছতে ফেশ্বন ক্লিক শীৰ্ষক সংস্হাই জ্যেতি চিত্ৰবনতে আয়োজন কৰা এক আলোকচিত্র প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.