বিৰিণা গোষ্ঠীৰ পদক্ষেপ

0 244

বিশ্বত্ৰাস মহামাৰী ক’ৰণা ভাইৰাছৰ ভয়াৱহতাই সমগ্ৰ বিশ্বতে গা কৰি উঠাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত সমগ্ৰ দেশতে চলি আছে লকডাউন।এই নিৰ্দেশনাৰ কাৰণেই নিজৰ ঘৰতেই আৱদ্ধ হৈ আছে সমগ্ৰ দেশৰে কোটি কোটি জনতা। সেই সময়তে জৰুৰীকালীন সেৱা সমূহৰ লগত জড়িত হৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সুচাৰুৰূপে কৰ্তব্য পালন কৰি আছে বাতৰিকাকত বিতৰকসকলে।
 
 
 
তেওঁলোকৰ এই কৰ্মৰ প্ৰতি আস্থা আৰু সন্মান ৰাখি আজি ৰাজ্যৰ আগশাৰীৰ এটা সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে তেওঁলোকক প্ৰদান কৰে কেতবোৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। ক’ৰ’ণাই সৃষ্টি কৰা এনেকুৱা এক বিপৰ্যয়ৰ সময়তো তথা দৈনন্দিন হৈ থকা প্ৰাকৃতিক দুৰ্যোগ সমূহকো নেওচি তেওলোকে দৈনন্দিন যিদৰে ৰাতিপুৱাই বাতৰি কাকত যোগানেৰে সেৱা আগবঢ়াই আহিছে তাৰবাবে তেওঁলোক সকলোৰে ধন্যবাদৰ পাত্ৰ।
 
 
 
বিতৰক সকলৰ এই কৰ্ম ত্যাগ, আৰু তেওঁলোকৰ আৰ্থিক দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানৰ নেতৃত্বত উক্ত গোষ্ঠীটোৰ সহকাৰী সম্পাদক সুৰজিৎ পাঠক, সংগীতা মেধি, বিজ্ঞাপন সচিব চেলিম মালিক,আৰু মইদুল ইছলাম,সদস্য জেহেৰুল ইছলাম,আতিকুৰ ৰহমান, জয়ন্ত ডেকাকে ধৰি কেইবাজনো সদস্যই চৰকাৰী নিদেৰ্শনাক সন্মান জনাই সামাজিক দূৰত্ব বজাই ঘৰে ঘৰে গৈ বৰপেটা জিলাৰ বহৰি, চেঙা আৰু নলবাৰী জিলাৰ দৌলাশাল, ৰামপুৰ, বৰতলা, মুকালমুৱা, শনিৰোড, আৰু ঘোগা গাঁৱৰ আঠগৰাকীকৈ বাতৰি কাকতৰ বিতৰকক একোখনকৈ বিহুৱান আৰু মাস্ক প্ৰদান কৰে।
 
 
ইয়াৰ উপৰিও তেওলোকৰ প্ৰয়োজনাৰ্থে নগদ ধন, সাত কিলোগ্ৰামকৈ চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল, বিস্কুট, চাবোন ,কিতাপ ইত্যাদি অত্যাৱশ্যকীয় খাদ্য,সামগ্ৰী কিছুমানো প্ৰদান কৰে।
 
দৌলাশালস্থিত বিৰিণা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত এই কাৰ্যসূচী মুকলি কৰে দৌলাশাল হাইস্কুলৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেন্দ্ৰনাথ কুমাৰ কলিতাই। উল্লেখ্য যে অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনত বিশেষ অৱদান আববঢাই আহিছে এই বিৰিণা গোষ্ঠীয়ে।
 
উল্লেখ্য যে অসমৰ সাহিত্য-সংস্কৃতিৰ সমান্তৰালকৈ মানৱতা আৰু সামাজিক দায়বদ্ধতাক প্ৰধান উদ্দেশ্য হিচাপে গ্ৰহণ কৰি লৈ সময়ে সময়ে এনেদৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে উক্ত গোষ্ঠীটোৱে। বিৰিণা গোষ্ঠীৰ এনেধৰণৰ এক বৃহৎ মহানুভৱতা তথা পদক্ষেপক প্ৰশংসা কৰিছে সমাজৰ প্ৰতিটো প্ৰান্তৰে সচেতন মহলে।
 
খবৰ যুগুতালে নলবাৰীৰ পৰা সংগীতা মেধিয়ে..
 

Leave A Reply

Your email address will not be published.