ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি আৰ অ) পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে পূব মণ্ডলৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত মূখ্য কাৰ্যালয়ত ১২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে বাহিনীটোত অতি দুৰ্গম অঞ্চলত কাম কৰা দক্ষ অভিযন্তা হিচাপে কাম কৰাৰ সুনাম থকা হৰেন্দ্ৰ কুমাৰে। ইয়াৰ পূৰ্বে তেওঁ বাহিনীটোৰ চণ্ডীগড়স্থিত পশ্চিম মণ্ডলত এ ডি জি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে পূৱ মণ্ডলৰ এ ডি জি প্ৰবীণ কুমাৰ হনুমন্ত সিঙে ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ব্ৰহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজয় কুমাৰ মিশ্ৰক জ্যেষ্ঠতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত বি আৰ অৰ পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত এ ডি জি হিচাপে সাময়িক ভাৱে নিযুক্তি দিছিল । আনহাতে ১৯৯০ বেটছৰ সীমান্ত পথ অভিযান্ত্ৰিক সেৱাৰ ( BRES ) বিষয়া হৰেন্দ্ৰ কুমাৰে বিগত প্ৰায় ৩৪ বছৰত জম্মু – কাশ্মীৰ , উত্তৰাখণ্ড , অৰুণাচল প্ৰদেশকে ধৰি ভাৰত – তিব্বত সীমান্তৰ অতি দুৰ্গম অঞ্চলত পথ , দলং , সুৰংগ আদিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সঞ্চয় কৰিছে। যাৰ বাবে বিগত সময়চোৱাত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় পদক হিচাপে পৰিগণিত হৈ অহা অতি বিশিষ্ট সেৱা মেডেল ( AVSM ) আৰু বিশিষ্ট সেৱা মেডেল ( VSM ) লাভ কৰিছিল । আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পূৱ মণ্ডল মূখ্য কাৰ্যালয়ৰ সভাগৃহত অভিযন্তা আৰু বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ হৰেন্দ্ৰ কুমাৰে পূৱ মণ্ডলৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম – কাজ সমূহৰ পৰ্যালোচনা কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান