ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি আৰ অ) পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে পূব মণ্ডলৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত মূখ্য কাৰ্যালয়ত ১০জুনত কাৰ্যভাৰ গ্ৰহণ কৰিছে বাহিনীটোত অতি দুৰ্গম অঞ্চলত কাম কৰা দক্ষ অভিযন্তা হিচাপে কাম কৰাৰ সুনাম থকা জীতেন্দ্ৰ প্ৰসাদে । ইয়াৰ পূৰ্বে তেওঁ বাহিনীটোৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ত উপ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে পূৱ মণ্ডলৰ এ ডি জি হৰেন্দ্ৰ কুমাৰক নতুন দিল্লীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে তেওঁক জ্যেষ্ঠতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত বি আৰ অৰ অতি গুৰুত্বপূৰ্ণ বুলি পৰিচিত পূৱ মণ্ডলৰ এ ডি জি হিচাপে নিযুক্তি দিছে । আনহাতে ১৯৯০ বেটছৰ সীমান্ত পথ অভিযান্ত্ৰিক সেৱাৰ ( BRES ) বিষয়া জীতেন্দ্র প্ৰসাদে বিগত প্ৰায় ৩৫ বছৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ তিৰ্বত আৰু মিজোৰামৰ ম্যানমাৰ সীমান্তৰ অতি দুৰ্গম ঠাইৰ লগতে জম্মু – কাশ্মীৰ , উত্তৰাখণ্ড , চিকিম সীমান্তৰ অতি দুৰ্গম অঞ্চলত পথ , দলং , সুৰংগ আদিৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সঞ্চয় কৰিছে। যাৰ বাবে বিগত সময়চোৱাত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় পদক হিচাপে পৰিগণিত হৈ অহা বিশিষ্ট সেৱা মেডেল ( VSM ) লাভ কৰিছিল । আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই পূৱ মণ্ডল মূখ্য কাৰ্যালয়ৰ সভাগৃহত অভিযন্তা আৰু বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জীতেন্দ্ৰ প্ৰসাদে পূৱ মণ্ডলৰ অধীনত চলি থকা বিভিন্ন প্ৰকল্পৰ কাম – কাজ সমূহৰ পৰ্যালোচনা কৰাৰ লগতে সকলো নিৰ্মাণ কাৰ্য যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ কে এন আই টিৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙত সুখ্যাতিৰে বি টেক ডিগ্ৰী লাভ কৰাৰ পাছত আই আই টি, বি এইচ ইউৰ পৰা সুখ্যাতিৰে তেঁও ষ্টাকচাৰেল ইঞ্জিনীৰিঙত সুখ্যাতিৰে মাষ্টাৰ ডিগ্ৰী লাভ কৰিছিল। আনকি হিমাচল প্ৰদেশৰ অটল টানেল আৰু বৰ্তমান মানালিত নিৰ্মাণৰত অৱস্থাত থকা শিংকাল টানেলৰ লগতো কাম কৰাৰ অভিজ্ঞতা থকা জীতেন্দ্ৰ প্ৰসাদ ২০১৯ চনৰ পৰা ২০২১ চনলৈ অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত বি আৰ অৰ উদয়ক প্ৰকল্প আৰু হিমাচল প্ৰদেশৰ মানালীস্থিত যোজক প্ৰকল্পত ২০২১ চনৰ পৰা ২০২৩ চনলৈ মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ইয়াৰ মাজতে তেওঁ ২০২১ চনত নেশ্যনেল ডিফেন্স কলেজত সন্মানীয় বুলি পৰিচিত এটা পাঠ্যক্ৰম উৰ্ত্তীণ হোৱাৰ লগতে উজবেকিস্তান আৰু শ্ৰীলংকা আদি দেশ ভ্ৰমণ কৰি তাত আন্তঃগাঁথনি উন্নয়নৰ বুজ লৈছিল।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO