বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমেলত কি ক’লে

0 245

কা বিৰোধী আন্দোলনৰ পাছতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিত  দাসে এক সংবাদমেল অনুষ্ঠিত কৰে।সংবাদমেলত তেওঁ কয় যে অসমত এচাম লোকে বিভ্রান্তিমূলক কামেৰে অৰাজকতাৰ সৃষ্টি কৰিছে। ভাৰতীয় জনতা পার্টিৰ চৰকাৰ থকালৈকে অসমত এজনো বিদেশীয়ে স্থান নাপায়।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল যে নাগৰিকত্ব সংশোধনৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব।সত্ৰ মাটি বেদখল,কাজিৰঙা উচ্ছেদ আৰু ভাষা সংৰক্ষণৰ ক্ষেত্রত বিজেপি চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।লগতে তেওঁ অহিংসা আৰু সম্পূর্ণ গণতান্ত্রিক প্ৰক্ৰিয়াৰে কা’ৰ বিৰুদ্ধে আন্দোলন চলাই যাবলৈ অনুৰোধ জনায়।বিজেপি চৰকাৰ থকালৈকে অসমীয়াৰ শংকা নাই বুলিও ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।এই সংবাদমেলত সাংসদ দিলীপ শইকীয়া আৰু পুলক গোঁহাই উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.