অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হ’লেহে সমাজ জীৱন আগুৱাই যায়।কিন্তু পৰিতাপৰ বিষয় যে আজি কালি চৰকাৰী পক্ষৰ অনুষ্ঠানত অাৰু চিৰিয়েল, চিনেমাৰ পৰ্দাত অন্ধবিশ্বাস সমন্বিত বিষয়বোৰ উপস্থাপন কৰা যায়।এই মন্তব্য দিলীপ বৰাৰ ।আজি গুৱাহাটী প্ৰেছ ক্লাবত ডাইনী হত্যাৰ প্ৰতিবাদী কণ্ঠ বীৰুবালা ৰাভাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা তেজস্বিনী শীৰ্ষক এখন তথ্য চিত্ৰ মুকলি কৰি বৰাই কয় যে ডিজিটেলৰ যুগতো মানুহৰ মন মগজুত মধ্যযুগীয় পৰম্পৰা দকৈ শিপাই থকা পৰিলক্ষিত হৈছে ।যাৰ ফলস্বৰূপে পৰম্পৰাক দোহাই দি কিছু সংখ্যকে অন্ধবিশ্বাসক হাত উজান দিছে।এনে সময়তে সোতৰ বিপৰীতত গৈ প্ৰিয়ম বৰাই বীৰুবালাৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় ।তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে হিমাংশু প্ৰসাদ দাসে ।উল্লেখযোগ্য যে তথ্যচিত্ৰ খনত বীৰুবালা ৰাভাৰ জীৱন আৰু বীৰুবালা মিচনৰ সবিশেষ উন্মোচিত হৈছে ।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান