বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায় পৰিয়াললৈ ২০ লাখ টকা এককালীন সাহাৰ্য্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে

0 283

মুখ্যমন্ত্ৰী সোনোৱালে আজি জম্মু-কাশ্মীৰৰ ভাৰত পাক সীমান্তত নিহত হোৱা বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ ধুবুৰী জিলাৰ ফুটুকীবাৰীৰ মেধিপাৰাস্থিত বাসগৃহলৈ গৈ শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণেৰে গভীৰ শ্ৰদ্ধাৰ নিবেদন কৰে।মুখ্যমন্ত্ৰীয়ে শ্বহীদ গৰাকী পত্নীৰ হাতত ৰাজ্য চৰকাৰে আগবঢ়োৱা ২০ লাখ টকা এককালীন সাহাৰ্য্য প্ৰদান কৰে।
 
ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ বৃহত্তৰ স্বাৰ্থত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ে আত্মবলিদান দিলে।সমগ্র ভাৰতবাসী লগতে অসম বাসীয়ে এই শ্বহীদ গৰাকীৰ বাবে গৌৰাম্বিত।
ত্যাগ আৰু বীৰত্বৰ শক্তিশালী আদৰ্শ প্ৰতিষ্ঠা কৰি যোৱা শ্বহীদ গৰাকী সদায় অমৰ হৈ থাকিব বুলি তেওঁ কয়।শ্বহীদ গৰাকী আদৰ্শৰে আমাৰ নতুন প্ৰজন্মই দেশৰ একতা,অখণ্ডতা,আৰু সাৰ্বভৌমত্ব বাবে কাম কৰি যাবলৈ প্ৰেৰণা লাভ কৰিব বুলি উল্লেখ কৰে।তেওঁ লগতে কয় যে বীৰ শ্বহীদ গৰাকী পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়ত বিধায়কদ্বয় অশোক কুমাৰ সিংঘী আৰু অশ্বিনী ৰায় সৰকাৰ,জিলা উপায়ুক্ত,তথা আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.