বুদ্ধ পূৰ্ণিমাৰ উপলক্ষ্যে প্ৰধান মন্ত্ৰীয়ে দেশবাসীক কি ক’লে

0 256

আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা। এই পৱিত্ৰ দিনটোৰ সৈতে সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সমগ্ৰ দেশবাসীক সম্বোধন কৰে। সকলোকে পৱিত্ৰ দিনটোত সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মানুহৰ মনটোৱেই প্ৰধান। যিগৰাকী মানুহে মনৰ পৰা সুখী হৈ থাকিব সেইগৰাকীয়েই জীৱনৰ সকলোতকৈ সুখী ব্যক্তি। আজিৰ এই পৱিত্ৰ দিনটোৰ মূল তাৎপৰ্য এয়ে।
 
আজিৰ এই পৱিত্ৰ দিনটো আমাৰ মাজত আহিছে যদিও বৰ্তমান সময়ত পৰিস্থিতি সিমান এটা ভাল নহয়। উন্নত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সকলোৰে লগত কথা পতাৰ সুবিধা পোৱাৰ বাবে সন্তুষ্ট হোৱা বুলিও কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। 
 
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ ফালে লক্ষ্য কৰি ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত অনলাইন পূজাৰ কাৰ্য সম্প্ৰচাৰ আৰম্ভণি হৈছে। এই সমগ্ৰ কাৰ্যটোৰ সন্দৰ্ভত এক অগতানুগতিক অনুভৱৰ জন্ম হোৱা বুলিও তেখেতে কয়।
উল্লেখযোগ্য যে এইবাৰৰ বৌদ্ধ পুৰ্ণিমাত সপ্তাহযোৰাকৈ প্ৰাৰ্থনা কৰাৰ সংকল্প লোৱা হৈছে। এই প্ৰাৰ্থনা সমগ্ৰ স্বাস্থ্যকৰ্মী আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰে সৈতে অহৰহ জড়িত হৈ থকা লোকসকলৰ কুশলৰ অৰ্থে কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়। মহামাৰী ক’ৰণা ভাইৰাছে সৃষ্টি কৰা এই বিপদজ্জনক পৰিস্থিতিত কৰিব ওলোৱা এই কাৰ্যৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে সমগ্ৰ জনসাধাৰণৰে সহযোগিতা কামনা কৰিছে।
 
ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতিয়ে প্ৰাচীন যুগৰে পৰা মানুহৰ জীৱনৰ সকলোধৰণৰ সমস্যা দূৰ কৰাৰ বাবে পথ প্ৰদৰ্শন কৰি আহিছে। এই ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনক আগতকৈ অধিক সমৃদ্ধ কৰি তুলিছে ভগৱান বৌদ্ধই।
 
এনেদৰে এদিন ভাৰতীয় সভ্যতা সংস্কৃতিৰ সেই বিশাল চাকিগছিলৈ ভগৱান বৌদ্ধই নিজেই ৰূপান্তৰিত হৈ পৰিল যাৰ জৰিয়তে আনৰ জীৱনত বিলাই দিলে পোহৰৰ এগচিকৈ বন্তি।
কোনোধৰণৰ পৰিস্থিতি তথা প্ৰসংগতে সীমিত হৈ থকা নাই ভগৱান বৌদ্ধ। বুদ্ধ এটা এনেকুৱা নাম যাৰ নামৰ অৰ্থই হৈছে চিৰপ্ৰৱহমান, যি হৈছে অনাদি অনন্ত। সময় কাল সলনি হোৱাৰ সমান্তৰালকৈ সলনি হৈছে আমাৰ সমগ্ৰ সমাজ ব্যৱস্থা।
কিন্তু ভগৱান বুদ্ধৰ সমগ্ৰ বাণীসমূহ আমাৰ এই জীৱনত নিৰন্তৰভাৱে প্ৰৱহমান হৈ আছে। এই নিৰন্তৰ প্ৰৱহমানৰ কাৰণেই আজি আমাৰ সকলোৰে মাজত জীয়াই আছে ভগৱান বুদ্ধ। আমাৰ কাৰণে লগতে বৰ্তমান সময়ত বৌদ্ধ কেৱল এটা নাম নহয়, বৌদ্ধ হৈছে এক পৱিত্ৰ ধাৰা, পৱিত্ৰ বিচাৰ। এই মহা সংকটৰ সময়ত সমগ্ৰ বিশ্ববাসীয়ে ভগৱান বুদ্ধৰ সংঘৰ্ষময় জীৱনৰ পৰাই লাভ কৰিব পাৰে এক গভীৰ প্ৰেৰণা।

Leave A Reply

Your email address will not be published.