বুঢ়ী আই সাধু অচিৰেই ডিজিটেল মাধ্যমত উপলব্ধ হ’ব

0 570

অসমীয়া সমাজ জীৱনৰ লগত সম্পৰ্ক থকা সাধু যেন বৰ্তমান পাহৰণি গৰ্ভত। প্ৰতিটো সাধুৰ অন্তৰালত নিহিত থাকে একোটাকৈ নীতিশিক্ষা। সাধুয়ে শিশুৰ মানসিক বিকাশত অৰিহণা যোগায়।
 
 
 
বৰ্তমান সময়ত সাধু কোৱা মানুহ আৰু সাধু শুনা পৰিবেশ যেন নোহোৱা হৈ গৈছে। এনেবোৰ কথা চিন্তা কৰি মৰাণৰ কেইজনমান উদ্যমী যুৱকে বুঢ়ী আই সাধুক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আগবাঢ়িছে। যুৱককেইজনে বুঢ়ী আই সাধুক ৱেব চিৰিজ মুকলি কৰা যো-জা চলাইছে।
 
 
 
ইতিমধ্যে মৰাণৰ কেইবাখনো গাঁৱত সাধুক জনপ্ৰিয়তা কৰাৰ বাবে দৃশগ্ৰহণ আৰম্ভ হৈছে।জানিব পৰা মতে বুঢ়ী আই সাধু সমূহ অচিৰেই ডিজিটেল মাধ্যমৰ মাজত উপলব্ধ হ’ব।

Leave A Reply

Your email address will not be published.