বৃক্ষ ৰোপণৰ কাৰ্য্যসূচী অনুষ্ঠিত

0 270

ধেমাজি জিলাৰ বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ২৬ জুলাই দিনা বৰদলনি দেউঘৰবাৰী পথত বৃক্ষ ৰোপণৰ এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়।
 
 
 
উক্ত বৃক্ষৰোপণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখন সভাপতিত্ব কৰে বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী গুণলতা ফুকনে।সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী,পদ্মশ্ৰী শীলা বৰঠাকুৰৰ লগতে লেখিকা সমাৰোহ সমিতিৰ সৈতে জড়িত কিছু দিন পূৰ্বে মৃত্যু বৰণ কৰা লাৱণ্য বৰুৱা, নীলিমা ঠাকুৰীয়া ,ভানুৰাণী শইকীয়া,ৱাহিদা বেগম আৰু টংকেশ্বৰী দেৱীক অনুষ্ঠানৰ আৰম্ভণিতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।
 
 
 
এচ আই বিৰ উপ ক্ষেত্ৰ সংগঠক  তথা স্থানীয় বাসিন্দা বিৰাজ বৰঠাকুৰ আৰু বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সভনেত্ৰী জুনুকা ভূঞা বৰঠাকুৰৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানটিত বৃক্ষৰোপণৰ উপযোগিতা আৰু ইয়াৰ দ্বাৰা হ’ব পৰা স্বাবলম্বীতা সন্দৰ্ভত গঠন মূলক আলোচনা আগবঢ়ায়।
 
 
 
উল্লেখ্য যে সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটিত বৰদলনি কনিষ্ঠ মহাবিদ্যালয় প্ৰবক্তা উষা বুঢ়াগোহাঁই,সাংবাদিক পাৰিজাত সন্দিকৈ, বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা ৰূপজ্যোতি বৰুৱা , বৰ্তমান সম্পাদিকা পিংকি দেৱী হাজৰিকা,  সদস্যা মীৰা দত্ত দেৱী , নম্ৰতা গোহাঁই ,জুবি বৰঠাকুৰকে আদি কৰি ভালেমান ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.