বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

0 116

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমৰ ৰাইজৰ দৰ্শনৰ বাবে ৰাজ্যখনলৈ অনাৰ দিশত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।এই প্ৰসংগত তেওঁ কয় যে সমগ্ৰ অসমবাসীৰ বাবে আনন্দৰ কথা এয়ে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত প্ৰয়াসত বৃন্দাবনী বস্ত্ৰ ভাগ অসমলৈ অনাৰ ক্ষেত্ৰত প্ৰচেষ্টা লোৱা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে আজি মুখ্যমন্ত্ৰীগৰাকী লণ্ডনলৈ যাত্ৰা কৰিছে।মন্ত্ৰী দাসে লগতে ব্যক্ত কৰে যে অসম বিধান সভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত অসমৰ এই আপুৰুগীয়া সম্পদ, ইতিহাস প্ৰসিদ্ধ বৃন্দাবনী বস্ত্ৰ ভাগ অসমলৈ অনাৰ প্ৰচেষ্টা লৈ তেওঁ ইয়াৰ বাবে পেৰিছৰ লগতে ব্ৰিটিছ মিউজিয়ামলৈ গৈছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি বৃন্দাবনী বস্ত্ৰভাগ স্ব-চক্ষে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য ঘটিছিল। কিন্তু বহু প্ৰয়াস কৰিও বিভিন্ন অসুবিধাৰ ফলত সেইসময়ত বস্ত্ৰ ভাগ অসমলৈ আনিব পৰা হোৱা নছিল বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ সৱল প্ৰচেষ্টাত ২০২৭ চনত এই আপুৰুগীয়া বস্ত্ৰ ভাগি ৰাজ্যখনৰ জনসাধাৰণে স্বচক্ষে দেখিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰি তেওঁ মুখ্যমন্ত্ৰী গৰাকীয়ে লোৱা এই মহৎ প্ৰচেষ্টাৰ বাবে তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.