অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী হিচাপে কিছুদিন পূৰ্বে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পৰিমল শুক্লবৈদ্যই ৰাজহুৱা খণ্ডৰ পৰিবহণ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ ( এ এছ টি চি ) আয় বৃদ্ধি কৰা আৰু ৰাজহ ফাঁকি দিয়াৰ সুৰুঙা সমূহ বন্ধ কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ অংশহিচাপে এ এছ টি চিৰ অধীনত পৰিচালিত গুৱাহাটীৰ বেতকুছিস্থিত ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ আস্থানৰ প্ৰৱেশদ্বাৰত এন ই টি চি ফাষ্টটেগৰ জৰিয়তে পাৰ্কিং মাচুল সংগ্ৰহৰ বাবে ডিজিটেল গেট স্থাপন কৰা হৈছে । ইয়াৰ অংশহিচাপে এন ই টিৰ ফাষ্ট টেগৰ জৰিয়তে মাছুল সংগ্ৰহৰ বাবে টোলগেটৰ আৰ্হিত য়েছ বেংক আৰু এন পি চি পিৰ সহযোগত স্থাপন কৰা হৈছে এখন ডিজিটেল গেট । আজি গেটখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । এই উপলক্ষে এ এছ টি চিৰ জ্যেষ্ঠ অভিযন্তা ঘনকান্ত দাসে আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এনে ধৰণৰ গেট স্থাপন কৰাৰ ফলত নিগমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিটো উজু হব বুলি আশা প্ৰকাশ কৰে । আনহাতে অনুষ্ঠানত এ এছ টি চিৰ অধ্যক্ষ মিছন ৰঞ্জন দাসে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “হৰ ঘৰ ত্ৰিৰংগা” শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । আনহাতে নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ , মুখ্য অভিযন্তা বলীন দাস , উপ মহা প্ৰৱন্ধক বিজু ডেকা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ , অসম চৰকাৰৰ পৰিবহণ বিভাগৰ যুটীয়া সচিব হানিফ নুৰাণী , য়েছ বেংকৰ সভাপতি পাৰ্থ প্ৰতীম গোস্বামী উপস্থিত থাকে ।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই