ৰঙিয়াত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰী কেন্দ্ৰ মুকলি

0 238

“আজাদী কা অমৃত মহোৎসৱ” আৰু “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ অংশৰূপে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু ৰঙিয়া পৌৰসভাৰ উদ্যোগত স্থানীয় আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ বাবে আজি ৰঙিয়া চহৰৰ চাৰি নম্বৰ ৱাৰ্ডস্থিত শিৱ মন্দিৰ পথৰ নাইট চেণ্টাৰত এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । হাউছফেডৰ অধ্যক্ষ তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই এই কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “হৰ ঘৰ ত্ৰিৰঙ্গা” শীৰ্ষক দেশপ্ৰেমমূলক কাৰ্যসূচীয়ে আমাৰ ৰাজ্যৰ শিপিনীসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ দিশতো সহায় কৰিছে। ৰাজ্যজুৰি মুকলি হোৱা এই “ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ”সমূহৰ পৰা প্ৰত্যেকেই সুলভ মূল্যত আমাৰ গৌৰৱ জাতীয় পতাকাখন ক্ৰয় কৰাৰ লগতে সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এই কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিধায়কঘৰাকীয়ে বিক্ৰী কেন্দ্ৰটোৰ পৰা বহুকেইখন পতাকাও ক্ৰয় কৰে। অনুষ্ঠানত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশ, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত চম্পক ডেকা, চক্ৰ বিষয়া (সং) অনন্যা চৌধুৰীৰ লগতে আন বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.