নিৰ্বাচনৰ মহা ঢৌ এতিয়া শাম কাটিছে । লকডাউনৰ আশংকাত এতিয়া ৰাজ্য বাসী । তাৰ মাজতে চেনেহৰ ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্য বাসীয়ে প্ৰস্তুতি চলাইছে। ঢোল ,পেঁপাৰ মাতত এতিয়া চৌদিশ মুখৰিত ।বিহুৱা, বিহুৱতী সকল ব্যস্ত আখৰাত ।গাঁৱৰ জীয়াৰী, বোৱাৰী সকল ব্যস্ত গামোচা বোৱাত আপোনজনক প্ৰদান কৰিবৰ বাবে ।ইয়াৰ মাজতে টীয়ক বলমা লাহন গাঁৱৰ বিশ্বজিৎ লাহন নামৰ এজন যুৱকৰ কৰ্মই মোহিছে সকলোকে।তাঁতশালত ব্যস্ত বিশ্বজিতে কামৰ সৰু-বৰ নাই বুলি অনুধাৱন কৰি বহি: ৰাজ্যৰ আমদানিকৃত গামোচাৰ পয়োভৰ ৰোধৰ বাবে সকলোৱে এনে প্ৰয়াস অব্যাহত ৰখাৰ আহ্বান জনায়।লগতে সততে সামাজিক মাধ্যমত তথা ৰাজপথত জাতীয়তাবাদৰ পৰিচয় দিব খোজাসকলক হাতে কামে লাগি প্ৰকৃত জাতীয়বাদ প্ৰতিষ্ঠাৰ বাবে এনেদৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় লগতে এই মানসিকতাই গ্ৰাম্য অৰ্থনীতিকো তৰাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।উল্লেখযোগ্য যে বিশ্বজিতৰ এয়া প্ৰথম প্ৰচেষ্টা সেয়ে এইবাৰ উৎপাদিত গামোচা বিক্ৰী নকৰি গাঁৱৰ হুঁচৰিত পৰম্পৰা ৰক্ষা কৰি বস্ত্ৰ দান কৰিব বুলি তেওঁ মন্তব্য কৰিছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা