বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত অসমীয়া চলচ্চিত্র বেলকনিত ভগৱানে প্রতিযোগিতাত স্থান লভা বতৰাই অসমীয়া ছবিজগতৰ বাবে সুখবৰ কঢিয়াইছে৷ বিগত ১১ জুলাইত লণ্ডনৰ ৰেইনবো ছ’চাইটীৰ বিশেষ বঁটা পোৱা আৰু জার্মানীৰ ষুটর্টগার্টত হ’ব লগা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্কুল অৱ দ্য ইয়েৰ সন্মান লভা ‘বেলকনিত ভগৱান’ চলচ্চিত্রখন অহা ২৩ জুলাইৰ পৰা ব্রাজিলৰ লাছা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত জার্মানীৰ ‘জুডেন ষ্টাৰনেন’, জাপানৰ ‘ৱ’মেন অৱ দ্য ফটোগ্রাফাৰ’, বুলগেৰিয়াৰ ‘চিবিল’, তুর্কীৰ ‘টোপৰাক’, ইংৰাজী ভাষাৰ ‘কম্প্রেনিয়ন’ আদি চলচ্চিত্রৰ লগত নেৰেটিভ শাখাত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব৷বেলকনিত ভগৱান পৰিচালনা কৰিছে বলিষ্ঠ পৰিচালক বিশ্বজিত বৰাই৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা