ব্ৰীজেৰে সাঁকো গঢ়িলে গাঁওবাসীয়ে

0 242

আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বৰ্ণউজ্জ্বল প্ৰতিভা বিকশিত কৰি  ব্ৰীজৰ প্ৰধান নায়িকা ঢকুৱাখনাৰ শিৱা ৰাণী কলিতাই চহা জীৱনৰে সংপৃক্ত নিখুঁত অভিনয় কৰি গৌৰৱ অৰ্জন কৰি অনাৰ সময়তে মহকুমাটোৰ  খতিখোৱা চহাই  দেওবাৰে সৃষ্টি কৰিলে অন্য এক নজিৰ।  লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ মাজ জালভাৰী গাঁওৰ অৰ্ধশতাধিক কৃষিজীৱী গঞাই বিগত দুটা দশকৰো অধিক কাল নিৰ্মাণ নোহোৱা এখন প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ দলং দেওবাৰে  হাতে কামে লাগি নিৰ্মান কৰি খতিখোৱা ৰাইজৰ  ৰাজহুৱা কৰ্ম সংস্কৃতিৰ দৃষ্টান্ত দাঙি ধৰে।  বিগত ১৯৯৬ চনতে বিধ্বংসী বানে  চিন্ন ভিন্ন কৰা  খজুৱা- সোনাৰী চাপৰি গড়কাপ্তানী পথৰ মাজ জালভাৰীৰ পৰা কঢ়া বান্ধহৈ লেচেৰা বাটচৰা মুখত সংযুক্ত হোৱা গড়কাপ্তানী পথটো  যোৱা ২৫ টা বছৰে নিৰ্মাণ অথবা মেৰামতি হোৱা নাছিল।  মাজ জালভাৰী ,ভেট তলি ,উজনি লেচেৰা ,নামনি লেচেৰা ,বেলসুঁতি ,চেকণি চুক  আদি গাঁওৰ শ শ কৃষিজীৱী পৰিয়ালৰ কৃষি ভূমিলৈ যোৱাৰ একমাত্ৰ চমু পথ হিচাপে বিবেচিত এই পথৰ  দূততলী পথাৰ অংশত অৱস্থিত প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ প্ৰকাণ্ড চিগা অংশতে দেওবাৰে চহা ৰাইজে নিৰ্মাণ কৰে এখন সুদীর্ঘ বাঁহৰ  দলং। মাজ জালভাৰী গাঁওৰ ৰাইজে পুৱাই যাবতীয় সামগ্ৰী সহ  উক্ত অংশত উপস্থিত হৈ বিয়লি পৰ্যন্ত দলংখনৰ অৰ্ধেক অংশ নিৰ্মাণ কৰি উলিয়ায়।  যুৱক বৃদ্ধ সকলো ব্যক্তি একত্ৰিত হৈ একাঠু পানীত নামি নিজৰ সঞ্চিত পুঁজি ব্যয় কৰি, সমজুৱা শ্ৰম দান কৰি সুদীর্ঘ দলংখন নিৰ্মান কৰি সামাজিক দায়বদ্ধতা প্রদর্শন কৰে। কৃষিজীৱী  ৰাইজে  এদিনতে এনে এখন দীঘল বাঁহৰ দলং  নিৰ্মান সম্ভৱ নহয় বুলি “এন ই ফ`কাছক জানিবলৈ দি সোমবাৰে বিয়লি পৰ্যন্ত এই দলংখন নিৰ্মান সম্পূৰ্ণ কৰা হ`ব বুলি জানিবলৈ দিয়ে। কোনোধৰণৰ চৰকাৰী পুঁজি ব্যৱহাৰ নকৰি ৰাইজৰ শ্রম আৰু ধনেৰে এনে এখন  সুদীর্ঘ ,মজবুত বাঁহৰ দলং নিৰ্মাণ কৰাৰ বাবে সমীপৱৰ্তী গাঁও সমূহৰ প্ৰায় ১০ সহস্ৰাধিক ৰাইজ উপকৃত হ`ব বুলি জানিব পৰা গৈছে।  এখন গাঁওৰ কৃষিজীৱী ৰাইজৰ গাঁঠিৰ ধনেৰে আৰু  উমৈহতীয়া প্ৰচেষ্টাৰ ফলত এখন সুদীর্ঘ বাঁহৰ দলং নিৰ্মাণৰ  এই পৰম্পৰা স্বাভাৱিকতে চৰকাৰমুখী প্ৰবনতা বিশিষ্ট পৰমুখাপেক্ষী ধ্যান ধাৰণাক সবল ৰূপত প্রত্যাহ্বান জনাবলৈ সক্ষম হ`ব।  
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.