বড়ো সাহিত্য সভালৈ আৰ্থিক সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ

0 232

তামূলপুৰৰ কচুবাৰীৰ গৌজীন ফৌথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো সাহিত্য সভাৰ ইতিহাস ৬১ সংখ্যক বাৰ্ষিক অধিবেশন সদায় এক গৌৰবময় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব।বড়ো সাহিত্য সভা ইতিহাস প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই অধিবেশনত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ অংশগ্ৰহণ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা গুৰুত্ব কথাকে সূচাইছে।ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক এই অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে বড়ো ভাষা ভাৰতৰ সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত তেখেতে লোৱা গুৰুত্বপূৰ্ণ ভূমিকা শলাগ লয়।মুখ্যমন্ত্ৰীয়ে বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আৰু সম্পাদক ক্ৰমে জয়চন্দ্ৰ হাগজেৰ আৰু সোনাৰাম থাউছেন প্ৰমুখ্যে যিসকল পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা কালৰে পৰা বড়ো সাহিত্য সভাই বড়ো ভাষা সাহিত্যৰ বিকাশৰ বাবে নিৰবচ্ছিন্ন ভাৱে কাম কৰি বৰ্তমান গুৰুত্বপূৰ্ণ অনুষ্ঠানত পৰিণত হৈছে তেওঁলোক সকলোৰে প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্থল অসম ৰাজ্যত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ বৃহত্তৰ অসমীয়া সমাজখনক সুকীয়া পৰিচয়েৰে উদ্ভাষিত কৰিছে।লগতে কয় যে ৰাজ্য প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ বিকাশ অবিহনে সামগ্ৰিকভাৱে ভাষা সাহিত্যৰ বিকাশ সম্ভৱ নহয়।সেয়েহে থলুৱা ভাষা সাহিত্যৰ সংৰক্ষণ আৰু বিকাশৰ বাবে এক শৃংখলাবদ্ধ প্ৰচেষ্টা প্ৰয়োজন।এই ক্ষেত্ৰত অসম সাহিত্য সভা,নিখিল বড়ো সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভা সমূহ দায়িত্ব যথেষ্ট গধুৰ।সাহিত্য সভা সমূহে জনসাধাৰণৰ মাজত সাহিত্য সংস্কৃতিৰ আৰু মানৱীয় প্ৰমূল্যবোধৰ প্ৰসাৰ ঘটাই ভাষা সাহিত্যৰ বিকাশৰ লগতে সামাজিক উত্তৰণৰ অৱদান আগবঢ়াব লাগিব।মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো সাহিত্য সভাই লোৱা প্ৰশংসনীয় ভূমিকা আৰু ৰাজ্য এক বুজন সংখ্যক লোক বড়ো ভাষা ব্যৱহাৰ কৰা পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বড়ো ভাষাক ইতিমধ্যে অসমৰ এক সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে।লগতে ঘোষণা কৰে যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ক্ষেত্ৰতো বড়ো ভাষা প্ৰৱৰ্তন কৰা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব।

মুখ্যমন্ত্ৰীয়ে ৰাজ্য বড়ো অধ্যুষিত জিলা সমূহত বড়ো সাহিত্য সভা স্থাপনৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।তদুপৰি বড়ো ভাষা সাহিত্যৰ উত্তৰণৰ হকে বড়ো সাহিত্য সভাই যাতে তীব্ৰতাৰে কাম কৰি যাব পাৰে তাৰ বাবে ৫ কোটি টকাৰ এক ঘূৰ্ণীয়মান পুঁজিও ৰাজ্য চৰকাৰে আগবঢ়াব বুলি কয়।এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ইংৰাজী পৰা বড়ো ভাষালৈ অনুদিত অসম বিধান সভাৰ কাৰ্যপ্ৰণালী ওপৰত ৰচিত ৰুলছ অফ প্রচিডিউছ এণ্ড কনডাক্ট অফ বিজনেছ ইন আসাম লেজিচলেটিভ এছেম্বলী শীৰ্ষক গ্ৰন্থখন মুকলি কৰে। এই সভাৰ বড়ো সাহিত্য সভা সভাপতি তৰেণ বড়ো, ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, ৰাজ্যপাল অধ্যাপক জগদীশ মুখী,মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৰাষ্ট্ৰপতি সহধৰ্মিনী সবিতা কোবিন্দ,ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং ,বিশ্বজিৎ দৈমাৰী,বড়োলেণ্ড কল্যান বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.