বৰঝাৰ বিমান বন্দৰত দিনে নিশাই যাত্ৰীক সেৱা আগবঢ়ায় প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে পৰিবহন বিভাগে

0 265

বিশ্বত মহমাৰী ৰূপ ধাৰণ কৰা ‘কভিড-১৯’ ৰ মোকামিলা কৰি দেশখনক স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে যোৱা ২৫ মে’ৰ পৰা বিশেষ নীতি-নিয়মৰ মাজেৰে ঘৰুৱা যাত্ৰীবাহী বিমান সেৱা আৰু পহিলা জুনৰ পৰা ২০০ খন ৰেলৰ চলাচল আৰম্ভ হৈছে।
 
 
আনহাতে উত্তৰ পূৱৰ আটাইতকৈ বৃহতম বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰ্জাতিক বিমান বন্দৰত বহি:ৰাজ্যৰ পৰা অহা যাত্ৰীসকল কোৱাৰেণ্টাইন শিৱিৰকে ধৰি নিজ গন্তব্য স্থানলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপায় তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ স্বাস্থ্য বিভাগ, কামৰূপ মহানগৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী, পৰিবহন বিভাগ, অসম ৰাজ্যিক পৰিবহন নিগম, কৰ আৰু আবকাৰী বিভাগে টীম অসম’ৰ দৰে যোৱা ২৫ মে’ৰ পৰা সেৱা আগবঢ়াই আহিছে।
 
অৱশ্যে স্বাস্থ্যৰ লগত পৰিবহন আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ সীমিত সংখ্যক বিষয়া -কৰ্মচাৰীয়ে বিমানত বহি:ৰাজ্যৰ পৰা অহা যাত্ৰীক দিনে-নিশাই যি সেৱা আগবঢ়াই আহিছে সেয়া নজৰবিহীন বুলিয়ে বিবেচিত হৈছে। বিশেষকৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ মহানগৰ সেৱাৰ ৯ খন ইলেক্টিক বাছকে ধৰি ৩৫ খন বিভিন্ন শ্ৰেণীৰ বাছেৰে বহি:ৰাজ্যৰ লগতে বিদেশৰ পৰা অহা যাত্ৰীক ‘কভিড-১৯’ আতংকৰ মাজতে দিনে নিশাই সেৱা আগবঢ়াই গৈছে।
 
এই ক্ষেত্ৰত নিগম আস্থানৰ অধীক্ষক বিবেক পাচোৱানৰ নেতৃত্বত মাত্ৰ ২২ জন কৰ্মচাৰীয়ে বিমান বন্দৰত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষ তথা কাউণ্টাৰৰ পৰা সীমিত সা-সুবিধাৰ মাজতো বিগত প্ৰায় দুই সপ্তাহত বহি: ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ যাত্ৰীক সেৱা আগবঢ়ায় সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আনহাতে নিগমৰ দলটোক এইক্ষেত্ৰত পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, উপ-মহাপ্ৰবন্ধক কুলেন্দ্ৰ খাটনিয়াৰকে ধৰি কেইবাগৰাকী বিষয়া, ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰকে ধৰি কৰ্মকৰ্তাসকলে বিভিন্ন ধৰণে সহযোগিতা আৰু উৎসাহিত কৰি আহিছে।
 
তেনেদৰে বিমান বন্দৰত দিনে-নিশাই যাত্ৰীক সেৱা আগবঢ়ায় প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা আন এজন বিষয়া হ’ল কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাস। দাসে বিমান বন্দৰত আহি কৰ্মৰত কৰ্মচাৰীৰ বুজ লৈ উৎসাহিত কৰা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আইন-শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি.পি.সিং, পৰিবহন বিভাগৰ আয়ুক্ত সচিব ড০ কে.কে.দ্বিবেদী, পৰিবহন আয়ুক্ত আদিল খান, উপ-পৰিবহন আয়ুক্ত সত্যজিৎ তেৰাং, এ.এছ.টি.চি. অশোক  ভট্টৰায়, পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীকে ধৰি শীৰ্ষ বিষয়াসকলে উপস্থিত হৈ বুজ লোৱা বিষয়টো শলাগ লৈছে। তেনেদৰে জিলা পৰিবহন বিষয়া বাপন কলিতাকে ধৰি সহকৰ্মীসকলৰো শলাগ লৈছে জিলা পৰিবহন বিষয়া দাসে।

Leave A Reply

Your email address will not be published.