বৰপেটা জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

0 70

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটা জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আচঁনিৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে আচঁনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
বৰপেটা জিলাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠক,জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া,বিভাগ দুটাৰ আন বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ),এম জি এনৰেগা, পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ কাম-কাজ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আদিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।তেওঁ পঞ্চায়তৰ সকলো আঁচনিৰ কাম-কাজ জিলা আয়ুক্তক নিৰীক্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। তদুপৰি আচঁনি সমূহৰ সময়সাপেক্ষ,মান সম্পন্ন তথা যথাযথ ৰূপায়নৰ পদক্ষেপ ল’বলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে চহৰ আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণে আচঁনিৰ সমান সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বৰ্তমানে জিলাখনত বিতৰণ কৰি থকা খাদ্য সামগ্ৰীৰ বিতৰণ প্ৰক্ৰিয়াৰো বুজ লয়।

Leave A Reply

Your email address will not be published.