বৰাকত ধৰ্মগুৰু সকলৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী

0 312

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগনত বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুসকলৰ লগত এক বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে  বৈঠকত কোভিদ-১৯ ৰ ভয়াবহতা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে সকলোকে আহ্বান জনায়।
 
 
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ ১৩০কোটি জনসাধাৰণক ২১দিনীয়া লকডাউন কাৰ্য্যসূচীৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি পৰিষ্কাৰকৈ থাকিবলৈ আহ্বান জনাইছিল। এই লকডাউনৰ উদ্দেশ্য হৈছে যে প্ৰতিগৰাকী ব্যক্তিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰা। এই ৰোগৰ কোনো প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই। সেইকাৰণে সকলো ধৰ্মৰ মুৰব্বীসকলক নিজৰ নিজৰ অনুগামীসকলক কোৱাৰ বাবে আহ্বান জনায়।
 
 
 
বৰ্তমানৰ এই জটিল সন্ধিক্ষণত কোনোৱেও যাতে সাম্প্ৰদায়িক মন্তব্য দি উত্তেজনাৰ সৃষ্টি নকৰে তথা কোনেও যাতে উৰা বাতৰি পৰিৱেশন নকৰে লগতে কোনোধৰণৰ আপত্তিজনক মন্তব্য প্ৰকাশ নকৰে সেই সম্পৰ্কেও সচেষ্ট হৈ থাকিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.