যি সময়ত বৰ্হিৰাজ্যৰ উদগণিমূলক বক্তাই অসমত আহি শিক্ষাৰ্থীৰ মাজত বক্তৃতা আগবঢ়াইছে, সেই সময়ত এজন অসমীয়া উদগণিমূলক বক্তা বিহাৰ-ঝাৰখণ্ডৰ এখন বৃহৎ সভালৈ উদগণিমূলক বক্তা হিচাপে আমন্ত্ৰিত হৈছে।গুৱাহাটীৰ বিকাশ কলিতা নামৰ উদগণিমূলক বক্তাগৰাকীয়ে ১৫ডিচেম্বৰত ভগলপুৰৰ এখন সভাত ৩০০০০ শিক্ষাৰ্থীৰ আগত বক্তৃতা প্ৰদান কৰিব ।উল্লেখযোগ্য যে বিকাশ কলিতাই বিগত চাৰি বছৰ ধৰি অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত উদগণিমূলক বক্তৃতা প্ৰদান কৰি আহিছে ।অসমৰ অন্যতম আগশাৰীৰ কাকত আমাৰ অসমত নিয়মীয়াকৈ লেখা মেলা কৰি আহিছে ।তেখেতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আমাৰ আগত এনেদৰে প্ৰকাশ কৰে-এনে এটা অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰি সুখী অনুভৱ কৰিছো।পূৰ্বে ইমান শিক্ষাৰ্থীৰ মাজত বক্তৃতা দিয়াৰ অভিজ্ঞতা নাই।এইবাৰ প্ৰায় ৩০০০০ শিক্ষাৰ্থীৰ মাজত বক্তৃতা প্ৰদান কৰিম।মোৰ বক্তৃতাৰ বিষয় হ’ল আমি নিজৰ ব্যক্তিত্বক কিয় বিকাশ কৰিব লাগে ।স্মতব্য যে অংগ যুবা মহোৎসৱৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা