ভাল খবৰে…

0 298

WhatsApp Image 2018-02-02 at 4.13.08 PM

উত্তৰ পূবৰ সংগীতৰ ক্ষেত্ৰখনক নতুনত্ব মাত্ৰা দিবলৈ প্ৰয়াস কৰিছে ব্ৰিটিছ কাউন্সিলে। তাৰে প্ৰথম প্ৰয়াস হিচাপে ব্ৰিটিছ কাউন্সিলে আৰম্ভ কৰিছে mixthecity.com শীৰ্ষক এপ। উল্লেখ্য যে এপটোত উত্তৰ পূবৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাদ্য যন্ত্ৰৰ লয় ফিউজন কৰি সমগ্ৰ বিশ্ব বাসীৰ সন্মুখত দাঙি ধৰিছে। আজি মহানগৰীৰ হোটেল ডাইনেষ্টিত আয়োজন কৰা সংবাদ মেলত ব্ৰিটিছ কাউন্সিলৰ সঞ্চালক এলাম গেম্মল অ’বিয়ে কয় যে আমি উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্ম, শিল্পী, সংগীতজ্ঞ সকলৰ দ্বাৰা অনুপ্ৰাণিত হৈছো। সেয়েহে মিক্স দি চিটি শীৰ্ষক এপটো উত্তৰপূব বাসীলৈ আগবঢ়াইছো। স্মতৰ্ব্য যে অহা ৪ফেব্ৰুৱাৰীত আই আই টিত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ’ব। ইচ্ছুকসকলে সমগ্ৰ বিশ্বৰ সংগীতসমূহ ব্যৱহাৰ কৰি নিজৰ সংগীত প্ৰস্তুত কৰিবলৈ www.nexthecity.com ত লগ ইন কৰিব পাৰে।

AAEAAQAAAAAAAAfLAAAAJDA0NGJlNDY5LTEyYTAtNDE1My1hN2UyLWZhMDQxZmUxNmYwYw

আনহাতে কালিৰে পৰা অনুষ্ঠিত হোৱা বিনিয়োগ সন্মিলনৰ বাবে যাতায়ত ব্যৱস্থা কিছু সালসলনি ঘটাইছে। যানবাহন বিভাগৰ কমিচনাৰ অমনজিত কৰে এই সম্পৰ্কে সংবাদমেল যোগে এনেদৰে কয় উজনি অসমৰ ফালৰ পৰা অহা বয়বস্তু কঢ়িৱা বাহন সমূহ যোৰাবাট, ক্ষেত্ৰীৰ পৰা অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নামনি অসমৰ পৰা অহা বয় বস্তুৰ বাহনৰ ক্ষেত্ৰত ঠিক এনেধৰণৰ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। ষ্টেডিয়ামৰ সমীপত প্ৰায় ৪০০০ হাজাৰ গাড়ী পাৰ্কিংৰ ব্যৱস্থা হৈছে। বিশেষকৈ লখৰাৰ পৰা নলাপাৰৰ পথচোৱা no parking zone ঘোষণা কৰিছে।

WhatsApp Image 2018-02-02 at 6.35.54 PM

ইফালে টুইন টাৱাৰ স্থাপন হ’ব গুৱাহাটীত। ৬৫ মহলীয়া টাৱাৰত বিশ্ব বিভিন্ন দেশৰ বিনিয়োগকাৰীসকলৰ কাৰ্য্যালয় হ’ব। জুলাই মাহৰ পৰা এই প্ৰকল্পটোৰ কাম আৰম্ভ হ’ব। ৩ বছৰৰ ভিতৰত প্ৰকল্পটোৰ কাম সমাপন হ’ব। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি ষ্টাফ কলেজ অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.