ভাল খবৰৰ মাজেৰে

0 228

শৈক্ষিক ক্ষেত্ৰত নৱ অধ্যায় সূচনা কৰিবলৈ সক্ষম হৈছে এটা পিছপৰা অঞ্চলৰ এখন বিদ্যালয়ে। বিদ্যালয় খনৰ নাম ডেকাচাং আঞ্চলিক বিদ্যালয়। বিদ্যালয়খন দক্ষিণ কামৰূপৰ ছমৰীয়াত অৱস্থিত। জানি সুখী হ’ব যে বিদ্যালয় খনত পৰ্য্যাপ্ত সা- সুবিধা নথকা সত্বেও উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলে আশাৰ বতৰা কঢ়িয়াই আনিছে।

জানিব পৰা মতে ২০১৮ বৰ্ষত বিদ্যালয় খনত উত্তীৰ্ণ হাড় ৭৯.৪৩শতাংশ। কিন্তু পৰিতাপৰ কথা যে বিদ্যালয় খনৰ চাৰিবেৰ উন্মুক্ত হৈ আছে। ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ পৰিমাণ যথেষ্ট কম। এনে এটা পৰিবেশত ছাত্ৰ ছাত্ৰীয়ে দেখুওৱা পাৰদৰ্শিতাৰ বাবে সচেতন মহলে শলাগ লৈছে।

আনহাতে বিশ্বপৰিবেশ দিৱসৰ দিনা বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰূপায়ন গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে অসম ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে। আজি মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত আয়োজিত এক সংবাদ মেলত ভাগৱতীয়ে কয় যে অসম ৰাজ্যিক চিৰিয়াখনত টপচেম চিমেণ্টৰ সহযোগত ফলমূলৰ পুলি ৰোপণ কৰা হ’ব। স্থানীয়ভাৱে উপলব্ধ ২৫০ জোপা ফলমূলৰ পুলি বাঁহ আৰু প্লাষ্টিকৰ নেটেৰে বৰিকেট বনাই দিয়া হ’ব বুলি মন্তব্য কৰিছে। এই ক্ষেত্ৰত সহযোগিতা আগবাঢ়োৱা টপচেম চিমেণ্টৰ হৈ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে প্ৰদুষণ নিয়ন্ত্ৰণত সদায় গুৰুত্ব দি আহিছে। সেউজ কৰণৰ অংশ স্বৰূপে পূজা অথবা উৎসৱ পাৰ্বনত অংশ লৈছে। তেখেতে প্লাষ্টিক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে কালিলৈ পুৱা ১০ বজাৰ পৰা চিৰিয়াখানাত বৃক্ষ ৰোপণ কাৰ্য্যসূচী আৰম্ভ হ’ব।

Leave A Reply

Your email address will not be published.