ভাল খবৰৰ মাজে মাজে

0 291

এগৰাকী অসমীয়া ডিজাইনাৰ। নাম অনুৰাধা পেগু। চীন দেশত হ’ব লগা এক ফেশ্বন শ্ব’ৰ বাবে তেওঁ আমন্ত্ৰিত হৈছে। এই উদ্দেশ্যে আজি গুৱাহটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদ মেলত অনুৰাধা পেগুৱে কয় যে, সৰুৰে পৰা তেওঁ কাপোৰ বোৱা কৰ্মৰ লগত জড়িত হৈ থাকি ভাল পাইছিল আৰু পিছলৈ এনেকৈয়ে ফেশ্বন জগতৰ লগত জড়িত হৈ পৰে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে বিশেষকৈ কাপোৰ বোৱা, ডিজাইন কৰাৰ উপৰিও পাট, মুগা, নুনি কাপোৰ ড্ৰাই কৰি ডিজাইন কৰে।

অহা ১১ মে’ত চীনত অনুষ্ঠিত হ’ব লগা Silk Road International Exposition অংশ গ্ৰহণ কৰিব আৰু তাত চাদৰ মেখেলা, শাৰী প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে চীনত অনুষ্ঠিত হ’ব লগা উক্ত অনুষ্ঠানত থলুৱা সাজপাৰ প্ৰদৰ্শনৰ সুবিধা লাভ কৰা অনুৰাধা পেগুৱে হৈছে অসমৰ প্ৰথম গৰাকী মহিলা। জানিব পৰা মতে তেওঁ মিচিং, বড়ো, ডিমাচা ফুলৰ ডিজাইনেৰে সজোৱা সাজপাৰ প্ৰদৰ্শন কৰিব।

 

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা যুঁজে উৎকণ্ঠাময় পৰিবেশ সৃষ্টি কৰি থকাৰ সময়তে চ’চিয়েল মেডিয়াত এজন ল’ৰাই কৰা ডাঞ্চৰ কিছু ভিডিঅ’ ভাইৰেল হৈ পৰিল। ভাইৰেল হোৱা ভিডিঅ’ সমূহত দেখা পাইছিলো এজন ১৮ বছৰীয়া কিশোৰে আধুনিক বিহুসুৰীয়া গানবোৰত খুব সুন্দৰ প্ৰকাশভংগীয়ে নৃত্য কৰিছে। উৎসৰ ভু-লৈ জানিব পাৰিলো যে সেই ভিডিঅ’ বোৰ প্ৰায় ১৫ হাজাৰ মান শ্বেয়াৰ হৈছে।

আয়ুচমান গগৈ নামৰ ল’ৰাজনে কৰা ডাঞ্চৰ শৈলীত মুগ্ধ হৈ দৰ্শকে ভিডিঅ’ সমূহ শ্বেয়াৰ কৰিছে। যোৰহাট চেলেংহাটৰ আয়ুচমানে কোনো ডাঞ্চৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল টিভি শ্ব’ আৰু YouTube ৰ Video জৰিয়তে আয়ুচমানে ডাঞ্চৰ ষ্টেপ সমূহ শিকিছিল। ইতিমধ্যে বহুকেইখন মঞ্চত আয়ুচমানে নৃত্য প্ৰদৰ্শন কৰিছে। আয়ুচমানৰ আশা Dance India Dance ত অংশগ্ৰহণ কৰাৰ বাবে..। কোনোৱে যদি অলপ সহায় কৰিব বিচাৰে 7002563440 নম্বৰত যোগাযোগ কৰিব পাৰে। 

Leave A Reply

Your email address will not be published.