পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰত প্ৰবল পৰাক্ৰম প্ৰদৰ্শন কৰাৰ লগতে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সীমান্তত ভাৰতীয় সেনানীয়ে অতন্দ্ৰ প্ৰহৰী হৈ ঠিয় দিয়াৰ সময়তে কৰ্মৰত আৰু প্ৰাক্তন সেনাৰ পৰিয়ালৰ কাষত ঠিয় দিছে অসম চৰকাৰৰ পৰিবহণ বিভাগ। বিশ্ববাসীৰ সন্মুখত ভাৰতীয় সেনা বাহিনীয়ে দেখুওৱা গৌৰৱময় কৃতিত্বৰ বাবে সেনা, নৌ সেনা, বায়ুসেনাত কৰ্মৰত আৰু প্ৰাক্তন বিষয়া-কৰ্মী,পৰিয়াললৈ কৃতজ্ঞতা জনাই আজিৰে পৰা পৰিবহণ বিভাগৰ লগত জড়িত বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে । বিভাগৰ বিষয়া-কৰ্মীৰ এটা সহায়কাৰী দল লগত লৈ আজি পুৱাৰ ভাগতে পৰিবহণ বিষয়াগৰাকী কামৰূপ মহানগৰ জিলাৰ জিলা সৈনিক কল্যাণ বিষয়া কৰ্ণেল পদ্মলোচন বৰ্মনৰ পাঞ্জাবাৰীস্থিত বাসভৱনত উপস্থিত হয়। পৰিবহণ বিষয়াগৰাকীৰ তত্বাৱধানত সহায়কাৰী দলটোৱে সেনা বিষয়া গৰাকীৰ বাহনৰ পঞ্জীয়ন, নথিপত্ৰ বিষয়ক আসোঁৱাহ ঠিতাতে সমাধান কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ অনান্য সদস্যৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণ, পূণৰনৱীকৰণৰ কাম সমাধা কৰি সেনা পৰিয়ালটোলৈ সহযোগিতা আগবঢ়াই। ইয়াৰ পিছতে বিভাগৰ সহায়কাৰী দলটো লগত লৈ পৰিবহণ বিষয়াগৰাকী ভূতপূৰ্ব সৈনিক সংগঠনৰ পাঞ্জাবাৰীস্থিত কাৰ্যালয়ত উপস্থিত হৈ সংগঠনটোৰ সভাপতি নজৰুল ইচলাম লস্কৰৰ সহযোগিতাত সামৰিক বাহিনীৰ তিনিওটা শাখাৰ ভালেসংখ্যক প্ৰাক্তন বিষয়া-কৰ্মীৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি বাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন আসোঁৱাহ ততালিকে সমাধান কৰে। সেনাৰ বিষয়া-কৰ্মীসকলৰ মাজত মিঠাই আৰু ফলমূলো বিতৰণ কৰা হয়। জনসেৱা কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি পৰিবহণ বিষয়া গৌতম দাসে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডীৰ নিৰ্ণায়ক নেতৃত্বত ভাৰতীয় সেনা বাহিনীয়ে দেখুওৱা বীৰত্বক সন্মান জনোৱাৰ উদ্দেশ্যে সেনাৰ বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়া-কৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে সন্মুখীন হোৱা যান-বাহন বিষয়ক সমস্যাৰ ঠিতাতে সমাধান কৰি যথাসাধ্য সহযোগিতা আগবঢ়োৱাটোৱে এই জনসেৱা কাৰ্যসূচীৰ মূল লক্ষ্য বুলি উল্লেখ কৰে । উল্লেখ্য যে, সামৰিক-অৰ্ধসামৰিক বাহিনীত কৰ্মৰত, অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মী, পৰিয়ালৰ সদস্য সকলক বিশেষভাৱে সেৱা আগবঢ়োৱাৰ বাবে আজিৰে পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো এটা বিশেষ সেৱা কেন্দ্ৰ স্থাপন কৰা হয় ৷
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ