পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰত প্ৰবল পৰাক্ৰম প্ৰদৰ্শন কৰাৰ লগতে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সীমান্তত ভাৰতীয় সেনানীয়ে অতন্দ্ৰ প্ৰহৰী হৈ ঠিয় দিয়াৰ সময়তে কৰ্মৰত আৰু প্ৰাক্তন সেনাৰ পৰিয়ালৰ কাষত ঠিয় দিছে অসম চৰকাৰৰ পৰিবহণ বিভাগ। বিশ্ববাসীৰ সন্মুখত ভাৰতীয় সেনা বাহিনীয়ে দেখুওৱা গৌৰৱময় কৃতিত্বৰ বাবে সেনা, নৌ সেনা, বায়ুসেনাত কৰ্মৰত আৰু প্ৰাক্তন বিষয়া-কৰ্মী,পৰিয়াললৈ কৃতজ্ঞতা জনাই আজিৰে পৰা পৰিবহণ বিভাগৰ লগত জড়িত বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে । বিভাগৰ বিষয়া-কৰ্মীৰ এটা সহায়কাৰী দল লগত লৈ আজি পুৱাৰ ভাগতে পৰিবহণ বিষয়াগৰাকী কামৰূপ মহানগৰ জিলাৰ জিলা সৈনিক কল্যাণ বিষয়া কৰ্ণেল পদ্মলোচন বৰ্মনৰ পাঞ্জাবাৰীস্থিত বাসভৱনত উপস্থিত হয়। পৰিবহণ বিষয়াগৰাকীৰ তত্বাৱধানত সহায়কাৰী দলটোৱে সেনা বিষয়া গৰাকীৰ বাহনৰ পঞ্জীয়ন, নথিপত্ৰ বিষয়ক আসোঁৱাহ ঠিতাতে সমাধান কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ অনান্য সদস্যৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণ, পূণৰনৱীকৰণৰ কাম সমাধা কৰি সেনা পৰিয়ালটোলৈ সহযোগিতা আগবঢ়াই। ইয়াৰ পিছতে বিভাগৰ সহায়কাৰী দলটো লগত লৈ পৰিবহণ বিষয়াগৰাকী ভূতপূৰ্ব সৈনিক সংগঠনৰ পাঞ্জাবাৰীস্থিত কাৰ্যালয়ত উপস্থিত হৈ সংগঠনটোৰ সভাপতি নজৰুল ইচলাম লস্কৰৰ সহযোগিতাত সামৰিক বাহিনীৰ তিনিওটা শাখাৰ ভালেসংখ্যক প্ৰাক্তন বিষয়া-কৰ্মীৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি বাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন আসোঁৱাহ ততালিকে সমাধান কৰে। সেনাৰ বিষয়া-কৰ্মীসকলৰ মাজত মিঠাই আৰু ফলমূলো বিতৰণ কৰা হয়। জনসেৱা কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি পৰিবহণ বিষয়া গৌতম দাসে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডীৰ নিৰ্ণায়ক নেতৃত্বত ভাৰতীয় সেনা বাহিনীয়ে দেখুওৱা বীৰত্বক সন্মান জনোৱাৰ উদ্দেশ্যে সেনাৰ বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়া-কৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে সন্মুখীন হোৱা যান-বাহন বিষয়ক সমস্যাৰ ঠিতাতে সমাধান কৰি যথাসাধ্য সহযোগিতা আগবঢ়োৱাটোৱে এই জনসেৱা কাৰ্যসূচীৰ মূল লক্ষ্য বুলি উল্লেখ কৰে । উল্লেখ্য যে, সামৰিক-অৰ্ধসামৰিক বাহিনীত কৰ্মৰত, অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মী, পৰিয়ালৰ সদস্য সকলক বিশেষভাৱে সেৱা আগবঢ়োৱাৰ বাবে আজিৰে পৰা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো এটা বিশেষ সেৱা কেন্দ্ৰ স্থাপন কৰা হয় ৷
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য