গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত থকা উত্তৰ পূব মণ্ডল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত ৫ এপ্ৰিলত প্ৰাধিকৰণৰ উপ মহাপ্ৰবন্ধক আৰু সাংস্কৃতিক কর্মী জগদীশ বৈশ্যই শেহতীয়াকৈ ৰচনা কৰিছে “মোৰ প্ৰাণৰ বিহুৱান” শীৰ্ষক এটি গীত।চাৰে চাৰি মিনিট দৈৰ্ঘ্যৰ গীতটো তেওঁৰ ইউ টিউব চেনেল ” জগদীশ বি মিউজিক ” ত উপলব্ধ হ`ব । গীতটোৰ মাজেৰে তেওঁ মূলত অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক স্বৰূপ বিহুৱানখনিক সুন্দৰকৈ উপস্থাপন কৰি জাতীয় চেতনা জগাই তুলিবলৈ এক বাস্তৱমুখী আৰু ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা বুলি সদৰি কৰিছে । আনহাতে ৫ এপ্ৰিলৰ বিয়লি কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো উন্মোচন কৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশে।এই উপলক্ষে এয়াৰপৰ্ট অথৰিটী এম্পলয়িজ ইউনিয়নৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাসে আঁত ধৰা চমু অনুষ্ঠানত এম সুৰেশে ভাষণত উচ্চ আৰু দায়িত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিও জগদীশ বৈশ্যই সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে নীৰৱে কাম কৰি অহা বিষয়টোৰ শলাগ লয় আৰু গীতটোক সকলোৱে আদৰি ল`ব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে । প্ৰাধিকৰণৰ মহা প্ৰবন্ধক ৰবি কান্তকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে জগদীশ বৈশ্যৰ কণ্ঠ , সুৰ আৰু কথাৰে ৰচিত গীতটোৰ সংগীত পল্লব দাসৰ। তেনেদৰে শব্দ সংমিশ্ৰণত সহযোগ কৰিছে সংগীত পৰিচালক ইবছন লাল বৰুৱাই ।
Trending
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন