ভাৰতৰ ছফ্টৱেৰ টেকন’লজি পাৰ্কৰ অকটেন্-ৰ উদ্যমিতা কেন্দ্ৰসমূহৰ বাবে অসম এগটেক্ অ চি পি – অৰিয়েণ্টেচন আৰু বুটকেম্প নামক অনুষ্ঠানৰ আয়োজন

0 136

অসম চৰকাৰৰ কৃষি বিভাগৰ এৰিয়াছ ছ’চাইটিৰ সহযোগত আৰু ভাৰতৰ ছফ্টৱেৰ টেকন’লজি পাৰ্ক চমুকৈ এছ টি পি আইৰ উদ্যোগত আজি গুৱাহাটীৰ ৰেডিচন ব্লুত অকটেন্-ৰ উদ্যমিতা কেন্দ্ৰসমূহৰ বাবে অসম এগটেক্ অ চি পি – অৰিয়েণ্টেচন আৰু বুটকেম্প নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ এই অনুষ্ঠানত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে অসমৰ কৃষিক্ষেত্ৰক উন্নীত কৰাৰ পোষকতা কৰাৰ লগতে অসম এগটেক্ অ.চি.পি. অৰ্থাৎ অপেন চেলেঞ্জ প্ৰগ্ৰেমৰ অধীনত নিৰ্বাচিত ষ্টাৰ্ট-আপসমূহক এক প্ৰাৰম্ভিক উদগণি প্ৰদান কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৱেব এক্স টেকন’লজিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অকটেন্ উদ্যমিতা কেন্দ্ৰৰ মেন্টৰ সঞ্জীৱ শৰ্মাই কয় যে উদ্যমিতাৰ ক্ষেত্ৰখন অসংখ্য প্ৰত্যাহ্বানেৰে ভৰা। প্ৰযুক্তিবিদ্যাক এই ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি উদ্যমিতাৰ ক্ষেত্ৰখনে কেৱল মুনাফাকেন্দ্ৰীক নহৈ সমাজৰ লগতে পৰিবেশৰ প্ৰতি সংবেদনশীল হব লাগে বুলি মত প্ৰকাশ কৰে। লগতে তেওঁ কয় যে উদ্যমিতাৰ আদৰ্শবোৰে বিশ্বলৈ ধনাত্মক পৰিৱৰ্তন কঢ়িয়াই আনিব লাগে।

উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ উপদেষ্টা ড০ শ্ৰীপৰ্ণা ভূঞা বৰুৱাই বিকশিত ভাৰতৰ প্ৰসংগত সকলো ক্ষেত্ৰতেই প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰি বিভিন্ন আঞ্চলিক সামগ্ৰীক কেন্দ্ৰ কৰি উদ্যমিতাৰ ক্ষেত্ৰখন গঢ়ি তোলাৰ পোষকতা কৰে।

ইয়াৰ লগতে ভাৰতক কৃষিপ্ৰধান দেশ নামেৰে অভিহিত কৰি কৃষিক্ষেত্ৰত লোৱা যিকোনো পদক্ষেপকেই গুৰুত্বপূৰ্ণ বুলি পোষকতা কৰে এছ টি পি আইৰ সঞ্চালক প্ৰধান অৰবিন্দ কুমাৰে। তেওঁ লগতে কয় যে কৃষি হৈছে ভাৰতবৰ্ষৰ ৰাজহাড় আৰু ই দেশখনৰ জি ডি পি-ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে। ইয়াৰ লগতে কৃষিক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ক্ষেত্ৰত এগটেক্-ৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁ মত প্ৰদান কৰে।

মন কৰিবলগীয়া যে এছ.টি.পি.আই.য়ে অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্ত এৰিয়াছ ছ’চাইটিৰ সহযোগত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই কৃষিভিত্তিক ষ্টাৰ্ট-আপসমূহক চিনাক্ত কৰিবলৈ এগটেক্ অ.চি.পি. নামৰ এই পদক্ষেপৰ যোজনা কৰিছিল। সংস্থাটোৱে জনোৱামতে, উক্ত পদক্ষেপৰ ভিত্তিতেই এতিয়ালৈকে এইক্ষেত্ৰত বাৰটা ষ্টাৰ্ট-আপ বাছনি কৰা হৈছে আৰু আজিৰ অনুষ্ঠান মূলতঃ এই বাৰটা ষ্টাৰ্ট-আপক কেন্দ‌্ৰ কৰিয়ে আয়োজন কৰা হৈছে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দিহা-পৰামৰ্শ আৰু সহযোগিতাত ভাৰতৰ ছফ্টৱেৰ টেকন’লজি পাৰ্কে প্ৰযুক্তিগত উদ্ভাৱনক সমৰ্থন কৰিবলৈ ইতিমধ্যেই কেইবাটাও ক্ষেত্ৰভিত্তিক উদ্যমিতা কেন্দ্ৰ স্থাপন কৰিছে। অকটেন্ এই পদক্ষেপৰ অন্যতম অংশ যিয়ে উত্তৰ-পূৱ ভাৰতৰ আঠটা আন্তঃকাৰ্য্যকৰী উদ্যমিতা কেন্দ্ৰক সামৰি লৈছে।

বিশিষ্ট ব্যক্তিসকলক আদৰণি আৰু সম্বৰ্ধনা জনাই আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে গুৱাহাটীৰ এছ টি পি আই ৰ ন্যায়িক সঞ্চালক বন্দনা শ্ৰীবাস্তৱে। আজিৰ এই সভাত জ্যেষ্ঠ আই, এ. এছ. বিষয়া অৰুণা ৰাজৰিয়া, এছ টি পি আইৰ সঞ্চালক প্ৰধান অৰবিন্দ কুমাৰ, উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ উপদেষ্টা ড০ শ্ৰীপৰ্ণা ভূঞা বৰুৱাকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.