কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ তথা জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে গুজৰাটৰ দ্বাৰকাত পৰ্যটনস্থলী হিচাপে ৰূপান্তৰিত কৰা দ্বাৰকা, গোপনাথ আৰু ভেৰাৱলত তিনিটা নতুন লাইটহাউছ উদ্বোধন কৰাৰ সময়ত ৭৫টা ঐতিহাসিক লাইটহাউছক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে এক অভিযানৰ শুভাৰম্ভ কৰে।ঐতিহাসিক লাইটহাউছ কেইটাক পৰ্যটনস্থল হিচাপে ভূমিকা পালন কৰিব পৰাকৈ পৰ্যাপ্ত সা-সুবিধা সম্বলিত কৰি পুনৰাই নিৰ্মাণ কৰা হৈছে। এই কাৰ্যক্ৰমে সমগ্ৰ ভাৰতৰ ৭৫টা ঐতিহাসিক লাইটহাউছক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়(এমঅ’পিএছডব্লিউ)য়ে হাতত লোৱা অভিযানৰ আৰম্ভণিক চিহ্নিত কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বকীয় লাইটহাউছ’সমূহক মনোমোহা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।এই উদ্যোগৰ জৰিয়তে এই সুন্দৰ পৰিকাঠামোসমূহৰ সমৃদ্ধ সংস্কৃতি, তাৎপৰ্য আৰু আকৰ্ষণৰ প্ৰদৰ্শনৰে স্থানীয় পৰ্যটন আৰু অৰ্থনীতিৰ সম্ভাৱনাসমূহক বিকশিত কৰাৰ প্ৰয়াস কৰা।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে এয়া এক ঐতিহাসিক মুহূৰ্ত যিহেতু আমি ভাৰতৰ প্ৰতিষ্ঠিত লাইট হাউছ সমূহক স্থানীয়ভাৱে অৰ্থনীতিক আগুৱাই নিয়াৰ লগতে ভাৰতৰ পৰ্যটন খণ্ডৰ পৰিসৰ বৃদ্ধি কৰা সম্ভাৱ্য পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিৱৰ্তন কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছো। আমাৰ গতিশীল নেতা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে মন কী বাতৰ ৭৫ সংখ্যক খণ্ডত লাইটহাউছ সমূহৰ অনন্য আকৰ্ষণ আৰু পৰ্যটকৰ আকৰ্ষণ হিচাপে থকা সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল। মোদীজীৰ নিৰ্দেশনাৰ সৈতে,এই অভিযানৰ উদ্দেশ্য হৈছে পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা আৰু ভাৰতৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সৌন্দৰ্য প্ৰত্যক্ষ কৰাৰ বাবে আমাৰ লাইটহাউছ সমূহক পুনৰুজ্জীৱিত কৰি তোলা। আমি বিশ্বাস কৰোঁ যে এই ৰূপান্তৰিত হ’ব লগা লাইটহাউছ সমূহে বিশ্বৰ বাবে ভাৰতৰ সমৃদ্ধ আৰু অনন্য ঐতিহ্য প্ৰদৰ্শন কৰি এক জীৱন্ত পৰ্যটন স্থলৰ সৃষ্টি কৰিব।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চুৰাটত অনুষ্ঠিত চিআইআই বি-২০’ বৈঠকত অংশগ্ৰহণ কৰে য’ত তেওঁ ব্যৱসায়ী সম্প্ৰদায়ৰ আগশাৰীৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। সোণোৱালে ভাৰতৰ সমাজ,অৰ্থনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন দিশত বিগত ৯টা বছৰত শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ সাফল্যৰ কথা উল্লেখ কৰে। জাহাজ পৰিবহন বিভাগৰ মন্ত্ৰীগৰাকীয়ে ব্যৱসায়িক নেতাসকলক বি২বি-ৰ লগতে বি২চি ব্যৱসায় দুয়োটাতে ভাৰতৰ সমৃদ্ধ আভ্যন্তৰীণ জলপথ খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায়।সোণোৱালে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাৰ্গোসমূহৰ আদান-প্ৰদানৰ ক্ষেত্ৰত আভ্যন্তৰীণ জলপথক পৰিবহণৰ মাধ্যম হিচাপে বাছনি কৰিবলৈ আহ্বান জনায়,যি হৈছে এক অৰ্থনৈতিক,পাৰিপাৰ্শ্বিকভাৱে সুৰক্ষিত বিকল্প। বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ গংগা বিলাসৰ বিশাল সফলতাৰ পিছত তেওঁ নৰ্মদা বিলাস,গোদাৱৰী বিলাস’,মহানদী বিলাস,কাবেৰী বিলা আদিৰ দৰে নভেল ৰিভাৰ ক্ৰুজ অভিজ্ঞতাৰ জৰিয়তে সমৃদ্ধ নদী ক্ৰুজ পৰ্যটন খণ্ডত বিনিয়োগৰ আহ্বান জনায়।
ৰূপান্তৰণশীল পৰিৱৰ্তনৰ বাবে আভ্যন্তৰীণ জলপথ খণ্ডক ব্যৱহাৰ কৰাৰ পৰিসৰ আৰু সুযোগ সন্দৰ্ভত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, মই এই সুযোগত সকলো ব্যৱসায়িক নেতাক যুটীয়াভাৱে ভাৰতত নতুন নদী ভ্ৰমণৰ অভিজ্ঞতা বিকশিত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। নদী সমৃদ্ধ আমাৰ ৰাষ্ট্ৰখনত নৰ্মদা বিলাস, গোদাৱৰী বিলাস’, ‘মহানদী বিলাস’, কাবেৰী বিলাসৰ দৰে আৰু বহুতো নদী পৰিভ্ৰমণ ব্যৱস্থা থাকিব লাগিব। আপোনালোকৰ কাৰ্গোসমূহৰ আদান-প্ৰদানৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত পুনৰুজ্জীৱিত হোৱা আভ্যন্তৰীণ জলপথৰ সুবিধা লওক যিটো হৈছে অত্যন্ত অৰ্থনৈতিক আৰু পৰিৱেশ-অনুকূল পৰিবহনৰ মাধ্যম।
চিআইআই’ৰ বৈঠকত গুজৰাট চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীয়েও অংশগ্ৰহণ কৰে; শ্ৰী টম মোজেছ, কাৰ্যবাহী উপ-সভাপতি, জেমোলজিকেল ইনষ্টিটিউট অব আমেৰিকা দৰ্শন শ্বাহ, চিআইআই গুজৰাটৰ অধ্যক্ষ; অঞ্চলটোৰ অন্যান্য বিশিষ্ট ব্যক্তি আৰু ব্যৱসায়িক নেতাসকলৰ ভিতৰত ‘চিআইআই গুজৰাট’ৰ উপাধ্যক্ষ কুলীনলাল ভায়ো উপস্থিত থাকে। লাইটহাউছ উদ্বোধনত অন্যান্য অতিথিসকলৰ লগতে জামনগৰৰ সাংসদ (লোকসভা) পুনমবেন মাদমে, ৰাজেশভাই চুড়ছামা, সাংসদ (লোকসভা), জুনাগড়; গৌতমভাই চৌহান, বিধায়ক, তালাজা, পাবুভা মানেক, বিধায়ক, দ্বাৰকা; বিমলভাই চুড়ছামা, বিধায়ক, সোমনাথ আৰু টি কে ৰামচন্দ্ৰন, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব উপস্থিত থাকে।