কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই)ৰ মাজত ডিজিটেল ৰূপান্তৰ আৰু কাৰ্যকৰী উৎকৰ্ষতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে চলি থকা পদক্ষেপৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগে (ডিপিই) দিল্লী এনচিআৰ অঞ্চলৰ পাছত দুই আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিছন ব্লুত উদ্যোগ ৪.০ কৰ্মশালাৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হয়। এই কৰ্মশালাত উত্তৰ-পূব আৰু পূব অঞ্চলত কাম কৰা ১৪টাতকৈও অধিক চি পি এছ ইৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক , পৰিচালন সঞ্চালক আৰু সঞ্চালকসকলে অংশগ্ৰহণ কৰে। আনহাতে কৰ্মশালাৰ লক্ষ্য আছিল কৃত্ৰিম বুদ্ধিমত্তা (এআই), ডিজিটেল টুইন, ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি), ৩ডি প্ৰিন্টিং, ৫ জি এপ্লিকেচন, অগমেণ্টেড, ভাৰ্চুৱেল , মিক্সড ৰিয়েলিটি , বিগ ডাটা বিশ্লেষণ, ভাৰ্চুৱেল প্ৰণয়ন, আৰু টি এন পি এন সক্ষম ৫ জি আন্তঃগাঁথনিকে ধৰি মূল উদ্যোগ ৪.০ৰ প্ৰযুক্তিসমূহ গ্ৰহণৰ বাবে বুজাবুজি তথা প্ৰস্তুতিক ত্বৰান্বিত কৰা । কৰ্মশালাত ভাগ লৈ ডি পি ইৰ সচিব কে মোজেছ চালাইয়ে কয় যে সমগ্ৰ ৰাজহুৱা খণ্ডৰ পৰিৱেশ তন্ত্ৰত উদ্যোগ ৪.০ নামেৰে জনাজাত চি পি এছ ইসমূহে ৪আইআৰ গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰ্যায়ত উদ্ভাৱন, আত্মনিৰ্ভৰশীলতা তথা প্ৰতিযোগিতামূলক ক্ষমতাক লাভাৱান্বিত কৰাত সহায়ক হ’ব। কৰ্মশালাত নিয়োগ বিশেষজ্ঞ এ আনন্দে ভাগ লৈ ভাৰতৰ আগশাৰীৰ ৫জি লেব আৰু এ ডি টিভ মেনুফেকচাৰিং চেণ্টাৰৰ উৎকৃষ্টতাৰ পৰা আৰম্ভ কৰি ডিজিটেল ডিজাইন, ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং, থ্ৰীডি প্ৰিন্টিং আৰু নতুন সামগ্ৰী প্ৰস্তুত কৰাৰ ব্যৱহাৰিক দৃষ্টিভংগীৰ বিষয়ত আলোকপাত কৰে। কৰ্মশালাত ভাগ লৈ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ (এছ পি এ)ৰ সহযোগী অধ্যাপক ড০ প্ৰভজোৎ সিং ছুগ্গাই আন্তঃগাঁথনি, উদ্যোগ ব্যৱস্থাপনা তথা দুৰ্যোগ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত ডিজিটেল টুইন প্লেটফৰ্মৰ পৰিৱৰ্তনশীল প্ৰয়োগৰ বিষয়ত বক্তব্য আগবঢ়ায়।ইয়াৰ উপৰিও এ আই আৰু এম এল বিশেষজ্ঞ ডঃ বিদুষী চতুৰ্বেদীয়ে ভাষণ প্ৰসংগত ইতিমধ্যে কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ ঘাতীয় গতিৰে বৃদ্ধি পাইছে সেই বিষয়ত বক্তব্য আগবঢ়ায়। আনহাতে কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত পাৰস্পৰিক মতবিনিময় অনুষ্ঠান আৰু প্ৰশ্নোত্তৰ অধিৱেশনত কল ইণ্ডিয়া লিমিটেড, অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান, নুমলীগড় শোধনাগাৰ লিমিটেড, নিপকো লিমিটেড, বিএছএনএল, হিন্দুস্তান কপাৰ লিমিটেড, বালমাৰ ল’ৰী এণ্ড কোম্পানী লিমিটেড, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড, দ্য জুট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড, নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল লিমিটেড, নৰ্থ ইষ্ট ৰিজিঅনেল এগ্ৰিকালছাৰ মাৰ্কেটিং কৰ্প’ৰেশ্যন লিমিটেড, পাৱাৰ গ্ৰীড, এন ই এইচ এইচ ডি চি, এণ্ড্ৰে য়ুল এণ্ড কোম্পানী লিমিটেড, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ লগতে শক্তি, ৰাসায়নিক পদাৰ্থ, আন্তঃগাঁথনি, আৰু খননৰ দৰে খণ্ডৰ চিএমডি আৰু চিপিএছইৰ কাৰ্য্যকৰী সঞ্চালকসকলে অংশগ্ৰহণ কৰে। উত্তৰ-পূব পৰিষদ (এন ই চি ) ৰ পৃষ্ঠপোষতাত আয়োজিত কৰ্মশালাখনত ভাগ লোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ আছিল ক্ৰমে – কল ইণ্ডিয়া লিমিটেড , অইল ইণ্ডিয়া লিমিটেড (দুলীয়াজান) নুমলীগড় শোধনাগাৰ লিমিটেড, নীপকো লিমিটেড,বি এছ এন এল , হিন্দুস্তান কপাৰ লিমিটেড ,বালমাৰ ল’ৰী এণ্ড কোম্পানী লিমিটেড , ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড ,দ্য জুট কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড , নৰ্থ ইষ্ট ৰিজিঅনেল এগ্ৰিকালছাৰ মাৰ্কেটিং কৰ্প’ৰেশ্যন লিমিটেড , পাৱাৰ গ্ৰীড , এন ই এইচ এইচ ডি চি,এণ্ড্ৰে য়ুল এণ্ড কোম্পানী লিমিটেড আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO