ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ। মানকাচস্থিত ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাইজক কৰমৰ্দন কৰি অভিনন্দন কৰি উৎসাহিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰযোগে দিনৰ প্ৰায় ১১ বজাত মানকাচৰ আহি উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰথমে মানকাচৰস্থিত কামাখ্যা মন্দিৰত দেৱীক সেৱা জনায়।ইয়াৰ পাছতেই বিশাল কনভয়ৰে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্প এলেকাত থকা কালো নদীৰ পাৰত থকা বিএছএফ পহৰা টাৱাৰ উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তাত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিএছএফৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়। সীমান্ত সমস্যাক লৈ আলোচনা কৰাৰ সময়ত সীমান্তবৰ্তী এলেকাত বসবাস কৰা লোক সকলে অমিত শ্বাহক দেখি জয় শ্ৰীৰাম আৰু জিন্দাবাদ ধ্বনি দিবলৈ ধৰে।ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে সীমান্তৰ বিএছএফ টাৱাৰৰ পৰা নামি ৰাইজৰ কাষত গৈ কৰমৰ্ধন কৰি ৰাইজক অভিনন্দন জনাই উৎসাহিত কৰে। ইয়াৰ পাছত দিনৰ ৰায় ১২.৩০ বজাত তেওঁ সীমান্তৰ পৰা মানকাচৰ বিএছএফ কেম্পত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা