মহানগৰীৰ পশ্বৱৰ্তী ৰাণীস্থিত আঞ্চলিক পাম পৰিচালনা প্ৰতিষ্ঠান (RILEM) ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মেঘালয় চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ ৪৫ দিনীয়া কৃত্ৰিম গো প্ৰজননৰ ওপৰত ভাৰত চৰকাৰৰ আঁচনি (RGM) অধীনত ‘মৈত্ৰী’ কাৰ্যক্ৰমৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অন্তত মেঘালয় চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক, ৰাণী আঞ্চলিক পাম প্ৰতিষ্ঠানৰ সঞ্চালক ডা: নিত্য নাৰায়ণ মহন্ত, পশুধন অভিকৰণৰ চি.ই.অ’. ডা: মণিদ্বীপ দাস, পশু পালন আৰু পশু চিকিৎসা বিভাগ, অসম অতিৰিক্ত সঞ্চালক ডা: দিলীপ ভূঞা তথা বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে, ৰাণী পাম পৰিচালনা প্ৰতিষ্ঠানত ইয়াৰ পূৰ্বে অসমৰ বাহিৰৰ কোনো ৰাজ্যৰ ‘মৈত্ৰী’ অনুষ্ঠিত হোৱা নাই। ইয়াৰ বাবে ৰাইজ তথা বিভাগৰ সকলো বিষয়বীয়াই সঞ্চালক ডা: নিত্য নাৰায়ণ মহন্তৰ উদ্যোগৰ শলাগ লয়।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন