ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল

0 165

ভাৰত আৰু ৰাছিয়াৰ মাজত শৈক্ষিক তথা বৈজ্ঞানিক সহযোগিতা বৃদ্ধিৰ বাবে ৰাছিয়াৰ যোস্কাৰ-ওলাৰত ‎অৱস্থিত মাৰি ৰাজ্যিক বিশ্ববিদ্যালয় ভ্ৰমণ কৰে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি ‎দলে। বিগত ২৭-৩০ অক্টোবৰলৈকে হোৱা এই ভ্ৰমণ কাৰ্যসূচীত দুয়োটা শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত এক ‎বুজাবুজিৰ চুক্তি হয় । গিৰিজানন্দ বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন কোষৰ বিষয়া ড০ ডামিকিলালু ‎আৰু ড০ ভৃগু কুমাৰ দাসেৰে গঠিত প্ৰতিনিধি দলটোক দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ‎সহযোগিতামূলক গৱেষণাৰ নতুন সুযোগ বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হয় । এই ভ্ৰমণ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এক বিস্তৃত কৌশলগত প্ৰচাৰৰ অংশ, য’ত ৰাছিয়াৰ অন্যান্য ‎শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ সৈতে একাধিক চুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ দ্য ‎হিউমেনিটিজ (২০২৩ চনৰ ছেপ্টেম্বৰ মাহত স্বাক্ষৰিত) আৰু পিপলছ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰ্চিটি অৱ ৰাছিয়া (২০২৪ চনৰ এপ্ৰিল মাহত স্বাক্ষৰিত)। ভ্ৰমণৰ সময়ত প্ৰথমে এক চিনাকী পৰ্ব অনুষ্ঠিত হয়। এই অনুষ্ঠানত দুয়োখন বিশ্ববিদ্যালয়ে নিজ ‎নিজ প্ৰতিষ্ঠানৰ শৈক্ষিক সমল, নিৰ্দিষ্ট বিভাগ সমূহৰ বিষয়ে উল্লেখ কৰে। ভ্ৰমণৰ সময়ত হোৱা ‎বৈঠকত সমূহত ফাৰ্মাচিটিকেল চায়েন্স, জৈৱ চিকিৎসা গৱেষণা, অভিযান্ত্ৰিক, খাদ্য প্ৰযুক্তি, কৃষি, আৰু ‎হিউমেনিটিজকে ধৰি বিভিন্ন ক্ষেত্ৰ সম্পৰ্কে আলোচনা কৰা হয়। বৈঠকৰ ফলত দুয়োটা প্ৰতিষ্ঠানৰ মাজত এক সহযোগিতাৰ ভেটি স্থাপন হয়। এই সহযোগিতাৰ ‎ভিতৰত আছে যৌথ গৱেষণা প্ৰকল্প, ছাত্ৰ, অধ্যাপক আৰু শৈক্ষিক কাৰ্যসূচীৰ ভাগ-বতৰা। এই ভ্ৰমণৰ এটা মূল অংশ আছিল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে মাৰি ৰাজ্যিক ‎বিশ্ববিদ্যালয়ৰ উন্নত পৰীক্ষাগাৰ আৰু বিভাগসমূহ দৰ্শন কৰা । তাত অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে ‎পোনপটীয়াকৈ মত বিনিময় কৰি অসমৰ প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ আন্তঃশাখা গৱেষণা, উন্নত ‎বৈজ্ঞানিক সুবিধা আৰু বিশেষকৈ চিকিৎসা আৰু প্ৰাকৃতিক বিজ্ঞান সম্পৰ্কে চলি থকা প্ৰকল্পসমূহৰ বিষয়ে অৱগত ‎হয় । উল্লেখ্য যে ভ্ৰমণৰ সময়ত গিৰিজানন্দ চৌধুৰী স্কুল অৱ ফাৰ্মাচিউটিকেল চাইন্সেছ আৰু মাৰি ৰাজ্যিক ‎বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন আৰু জৈৱ চিকিৎসা বিভাগৰ সহযোগত আয়োজন কৰা এখন চমু আলোচনা চক্ৰও ‎অনুষ্ঠিত হয় । আলোচনাচক্ৰত ডায়েবেটিছ আৰু কেন্সাৰৰ বাবে প্ৰাকৃতিক পণ্য গৱেষণা, ঔষধবিজ্ঞান, আৰু ‎ঔষধ আৱিষ্কাৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে যৌথ প্ৰকাশন আৰু সহযোগিতামূলক গৱেষণা পুঁজিৰ ‎প্ৰস্তাৱৰ বিষয়েও গুৰুত্ব দিয়া হয় । ভ্ৰমণসূচীৰ অন্তিম দিনটোত ড০ ডামিকিলালু আৰু ড০ ভৃগু কুমাৰ দাসে মাৰি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ‎চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত আধুনিক ফাৰ্মাক’লজীৰ সৈতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ‎একত্ৰীকৰণৰ সম্পৰ্কে এক ৰসগ্ৰাহী বক্তৃতা প্ৰদান কৰে। ভ্ৰমণসূচীৰ অন্তত দুয়োখন বিশ্ববিদ্যালয়ৰে ‎দীৰ্ঘম্যাদী সহযোগিতাৰ বাবে দায়বদ্ধতা পোষকতা কৰা হয় ।এই ভ্ৰমণ আৰু আলোচনা সমূহ ‎বিশ্বব্যাপী বৈজ্ঞানিক সহযোগিতাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.