ভাৰতৰ নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ ৪ জুনৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কামৰূপ মহানগৰ নিৰ্বাচন জিলা প্ৰশাসন । নিৰ্বাচন আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক আৰু গণনা পৰ্যবেক্ষকে ইতিমধ্যে গণনা প্ৰক্ৰিয়াৰ বাবে যাৱতীয় ব্যৱস্থাপনাৰ সকলো দিশ সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে। মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাত এইবাৰ কামৰূপ মহানগৰ নিৰ্বাচন জিলাত মুঠ ই ভি এমৰ সংখ্যা ১০২৬টা। জিলাখনৰ অন্তৰ্গত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী- এই পাঁচটা বিধানসভা সমষ্টি প্ৰতিটোৰ বাবে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি প’ষ্টেল বেলট গণনাৰ বাবে দিহা কৰা হৈছে আন ১০ খন টেবুলৰ। উল্লেখনীয় যে দিছপুৰ বিধানসভা সমষ্টিত ১৬ ৰাউণ্ড, ডিমৰীয়াত ১৭ ৰাউণ্ড, নিউ গুৱাহাটীত ১৪ ৰাউণ্ড, গুৱাহাটী চেণ্ট্ৰেলত ১৪ ৰাউণ্ড আৰু জালুকবাৰীত ১৫ ৰাউণ্ড গণনাৰে সম্পন্ন কৰা হ’ব কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটগণনা।
Trending
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান