মই সময়ৰ পিছত দৌৰো হিমা

0 271

মই সময়ৰ পিছত দৌৰো। পদকৰ পিছত নহয়। সময় ভাল চলিলে সফলতাৰ পিছত সকলো আহে। সেয়ে সময়ক মই খুব ভয় কৰো। এই মন্তব্য হিমা দাসৰ। বিশ্ব জুনিয়ৰ এথলেটিকছ আৰু এছিয়ান গেমছত অসমৰ নাম উজলাই তোলা হিমাই সম্বৰ্দ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে। লগতে প্ৰশিক্ষক সকলে পাবলগীয়া সন্মানৰ কথা দোহাৰে। হিমাই কয় আপোনালোকে মোক আগুৱাই যাবলৈ আৰ্শীবাদ দিয়ক আৰু বাকীখিনি মোৰ ওপৰত এৰি দিয়ক। আগন্তুক দিনত অলিম্পিকত ১০ জন খেলুৱৈয়ে যাতে অসমৰ পৰা ওলাব পাৰে সমূহ দল সংগঠন আৰু চৰকাৰক তেনে এক পৰিবেশ সৃষ্টি কৰিবলৈ আহ্বান জনায়। সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে লাহে লাহে অসমে নব্য অসমৰ প্ৰতিছবি প্ৰতিফলিত কৰিছে। ক্ৰীড়াই সমন্বয় গঢ়ে, বন্ধুত্বৰ এনাজৰী ডাল সুদৃঢ় কৰি তোলে। চৰকাৰে ক্ৰীড়া একাডেমি স্থাপনৰ প্ৰসংগটো বিবেচনা কৰিব বুলিও মতপোষণ কৰে মুখ্যমন্ত্ৰীজনে। আনহাতে অৰ্জুন ভোগেশ্বৰ বৰুৱাই এই অনুষ্ঠানত উপস্থিত থাকি হিমা দাসক অভিনন্দন জনায় আৰু নিজৰ লক্ষ্য স্থিৰ কৰি আগুৱাই যাবলৈ আহ্বান জনায়। আনহাতে অনুষ্ঠানত বিত্তমন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি হিমাৰ কৃতিত্বক লৈ গৌৰৱ কৰি কয় যে হিমাৰ সফলতাই আমাক গৌৰাম্বিত কৰিলে। ইয়াতকৈ ডাঙৰ কথা আৰু একো হ’ব নোৱাৰে। সম্বৰ্ধনা অনুষ্ঠানতেই হিমাক ক্ৰীড়া বেণ্ড এম্বেচাদৰ হিচাপে ২বছৰৰ বাবে নিযুক্তি দিয়ে আৰু ১ কোটি ৬০ লাখ টকাৰ এখন চেক প্ৰদান কৰে। অনুষ্ঠানত হিমাৰ পিতৃ মাতৃ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী,বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.