মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত

0 101

ৰেডিঅ’শুনক, জ্ঞান বঢ়াওক এই বাণীৰে শ্ৰোতা সংঘই ৰেডিঅ’ক জনমুখী কৰাৰ প্ৰচেষ্টা হাতত লৈছো। শুদ্ধ ভাষা জ্ঞান, শুদ্ধ তথ্য, শিক্ষা আৰু মনোৰঞ্জনৰ অন্যতম অধাৰ ৰেডিঅই শৈক্ষিক আৰু বিদ্যায়তনিক দিশত শিক্ষাৰ্থী সকলৰ উপযোগী বহু তথ্য প্ৰচাৰ কৰি আহিছে। গতিকে শিক্ষাৰ্থী সকলে ৰেডিঅ’ শুনাৰ অভ্যাস গঢ়ি তুলিব লাগে। এই গুৰুত্বপূৰ্ণ মন্তব্য সাংবাদিক, অনাঁতাৰ ঘোষক তথা মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈৰ।ৰেডিঅ’ক বৰ্তমান সময়ত অধিক জনমুখী কৰাৰ লক্ষ্যৰে ২০২৪ বৰ্ষৰ বিশ্ব অনাতাঁৰ দিৱসত গঠিত মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই আজি নগাঁৱৰ মধ্যস্থলত থকা মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপিঠ প্ৰেক্ষাগৃহত আয়োজন কৰা প্ৰয়াত নাজিলা জাফৰ শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত ১০০ গৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰে। ৰূপহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰেকিবুদ্দিন আহমেদ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত প্ৰথমেই আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী প্ৰয়াত নাজিলা জাফৰৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনায় অৱসৰপ্ৰাপ্ত অধ্যাপক ৰেকিবুদ্দিন আহমেদ হাজৰিকা আৰু অনাঁতাৰ শিল্পী মীনা শইকীয়াই। মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত প্ৰয়াত নাজিলা জাফৰৰ স্বামী জাকিৰ হুছেইন, তেখেতৰ পৰিয়ালৰ মেহদি আৰিফ হুছেইন,অনাঁতাৰ শিল্পী মীনা শইকীয়া, বিদ্যালয়খনৰ অধ্যক্ষা দিপ্তী হাজৰিকাই বক্তব্য ৰাখে। এই সভাতে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই অনুষ্ঠিত কৰা প্ৰশ্নোত্তৰ প্ৰতিযোগীতাৰ ১০০ গৰাকী শিক্ষাৰ্থীক বঁটা কৰা হয়। এই অনুষ্ঠানতে নাজিলা জাফৰ সোঁৱৰণত এটি অনাঁতাৰ ছেট প্ৰদান কৰা হয় কলিয়াবৰৰ খগেন বৰাক। অনুষ্ঠানত লোকশিল্পী বঁটা প্ৰাপক মিলেশ্বৰ ডেকা,অনাঁতাৰ ঘোষিকা ইনুমনি মহন্ত, শ্ৰোতা সংঘৰ সদস্য বিমান মজুমদাৰ, বিদ্যালয়খনৰ শিক্ষয়িত্রী নৱনিতা গোস্বামী, ৰূপৰেখা চক্ৰৱৰ্তী বিপাঞ্চি বৰকাকতি, অনাঁতাৰ শিল্পী সম্য বৰা, নিয়মীয়া শ্ৰোতা ৰফিকুৰ ৰহমান, খিৰপ্ৰভা দেৱী, বিলি দেৱী আৰু প্ৰয়াত জাফৰৰ পৰিয়ালৰ আদিবা খানম, ছফিয়া জাকিৰ, নৌচিন জাকিৰ, ডা: জাফৰৰ লগতে শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।

খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.