কামৰূপ জিলা প্ৰশাসন আৰু জিলা ক্ৰী়ড়া বিভাগৰ উদ্যোগত যোৱা ৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ আজি সফল সামৰণি পৰে । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি পশ্চিম বিধানসভা সমষ্টিৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নৱপ্ৰজন্মক উদ্দেশ্যি কয় যে গাঁৱে-ভূঞে,চহৰে-নগৰে বিভিন্ন প্ৰতিভা লুকাই আছে । কিন্তু উপযুক্ত মঞ্চৰ অভাৱত সুপ্ত হৈ থকা প্ৰতিভাসমূহ খেল মহাৰণৰ জৰিয়তে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । অসমৰ বহুতো খেলুৱৈয়ে নিজৰ শ্ৰম আৰু প্ৰচেষ্টাৰে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে মধ্য গুৱাহাটীত ১৮০০ গৰাকী প্ৰতিযোগীয়ে ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈ সমষ্টি পৰ্যায়ৰ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । সমষ্টি ভিত্তিত বিজয়ী এই প্ৰতিযোগীসকলে জিলা পৰ্যায়ত খেলাৰ সুবিধা পাব । অনুষ্ঠানৰ শেষত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। আজিৰ এই সামৰণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু,বিশিষ্ট খেলুৱৈদ্বয় অম্বা শইকীয়া পাটগিৰি , প্ৰদীপ শৰ্মা ,১২ আৰু ১৩ নং ৱাৰ্ডৰ পাৰিষদদ্বয় পূৰবী তালুকদাৰ আৰু দীপাংকৰ বৈশ্য,শাৰিৰীক প্ৰশিক্ষক ,বিজয়ী প্ৰতিযোগীসকলৰ লগতে অভিভাৱক তথা স্থানীয় নাগৰিকসকল উপস্হিত থাকে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ