ব্যৱহাৰিক দিশৰ প্ৰয়োজনীয় প্ৰবন্ধ লেখক মনোৰঞ্জন কলিতাৰ “ব্ৰহ্মপুত্ৰৰ আয়ুস আৰু অন্যান্য” প্ৰবন্ধ সংকলনটোত কেইবাটাও গুৰুত্বপূৰ্ণ লেখা সন্নিবিষ্ট কৰা হৈছে। লেখকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ গভীৰতালৈ গৈ প্ৰবন্ধ সমূহ লিখি উলিয়াইছে। যি বোৰ প্ৰকৃত সমস্যা আমাৰ সমাজত হৈ আছে সেই সমূহ সুন্দৰ ভাবে লিখি উলিয়াইছে। এইদৰে কয় আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা অসমৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতাই। দেওবাৰে গুৱাহাটীৰ উজান বজাৰ স্থিত শ্বহীদ ন্যাসত বিশিষ্ট লেখক, “আমাৰ অসম”ৰ মুখ্য উপ-সম্পাদক মনোৰঞ্জন কলিতাৰ প্ৰবন্ধ সংকলন “ব্ৰহ্মপুত্ৰৰ আয়ুস আৰু অন্যান্য” উন্মোচন কৰি ড০ দিলীপ কলিতাই লগতে কয় যে আমি আমাৰ সমস্যা সমূহক লৈ ইমান ব্যস্ত হৈ পৰিছো যে আমাৰ মহানগৰী খন মৰুভূমি হ’বলৈ ওলাইছে, সভ্যতা ধ্বংস হ’ব ধৰিছে, পানী, বিদ্যুৎ, নদীৰ আয়ুস কিমান সেই সমস্যা সমূহক লৈ আমি সচেতন নহও। এইবোৰ বিষয়ক লৈ লিখা, এইবোৰ বিষয়ক লৈ চিন্তা কৰাহে প্ৰকৃত চিন্তা। দেশৰ অশান্তি আমি একেলগে ভোগ কৰিছো। ম’বাইল টাৱাৰ নীৰৱ ঘাতক। সেই বোৰ কথাও লেখকে সুন্দৰ ভাৱে বিশ্লেষণ কৰিছে। এতিয়া চিকিৎসা বিজ্ঞান সলনি হৈছে। মানসিক অশান্তি বোৰ এতিয়া বাঢ়ি গৈ আছে। ই এক ব্যাধি হৈ গৈছে। শৰীৰৰ লগতে মনৰো ৰোগ সৃষ্টি হ’ব পাৰে। বৰ্তমান সময়ত হাঁহিৰে জীৱন জিনিব পাৰিব লাগিব। লেখকৰ এই সুন্দৰ বিষয়ৰ প্ৰবন্ধবোৰে সৰ্বসাধাৰণক উপকৃত কৰিব বুলি আশা কৰিলো। লেখকে এনেদৰে গ্ৰন্থ লিখি যাব বুলি আশা কৰিলো।” লোক-সংস্কৃতিৰ গৱেষক,পণ্ডিত লীলাধৰ হাজৰিকাৰ পৌৰোহিত্যত হোৱা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰা হয়। স্তূতি বৰকাকতিয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি লেখক মনোৰঞ্জন কলিতাই কয় ” এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা প্ৰবন্ধ সমূহ বিভিন্ন সময়ত লিখা হৈছিল। পত্নী আৰু বন্ধুবৰ্গৰ অনুপ্ৰেৰণাত বিভিন্ন প্ৰবন্ধ সমূহ একত্ৰিত কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ’ল। কেৱল “ব্ৰহ্মপুত্ৰৰ আয়ুস” প্ৰবন্ধটো সাম্প্ৰতিক সময়ৰ লগত মিলাই কিছু নতুনত্ব সংযোজন কৰা হৈছে। গ্ৰন্থ খন পাঠকে আদৰি ল’ব বুলি আশা কৰিলো।” সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাই পৰিবেশন কৰা “সৰস্বতী বন্দনাৰে” আৰম্ভ হোৱা সভাখনত সংস্থিতা শৰ্মাই গল্প পাঠ কৰাৰ লগতে অভিনেত্ৰী জ্বলি ভট্টাচাৰ্যই অভিনয়ৰ সংলাপ পৰিবেশন কৰে। সভাত প্ৰশান্ত মদণ্ডল্যই গীত, সাংবাদিক অনুপমা ডেকা আৰু ৰঞ্জিত পাটগিৰীয়ে কবিতা পাঠ কৰে। সভাপতিগৰাকীয়ে ব্ক্তব্যত কয়” সুস্থ চিন্তা কৰিবলৈ সুস্থ বাতাবৰণৰ প্ৰয়োজন। লেখক বহু গুৰুত্বপূৰ্ণ প্ৰবন্ধ গ্ৰন্থ খনত সন্নিবিষ্ট কৰিছে। লেখকে এনেদৰে সাহিত্য চৰ্চা অব্যাহত ৰাখক। আজিৰ প্ৰজন্মই ভাষাৰ প্ৰতি গুৰুত্ব দিয়ে।” সভাত ডায়মণ্ড ফাউণ্ডেচন এণ্ড ৰিচাৰ্ছৰ হৈ বশিষ্ঠ ৰাভাই চমু বক্তব্য আগবঢ়ায়। সভাত সমজুৱাৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰুৱা আৰু ভূপেন মহন্তই শুভেচ্ছা মূলক ব্ক্তব্য আগবঢ়ায়। আনহাতে লেখকৰ পত্নী, শিক্ষক নীলিমা ৰাভা কলিতাই চমু বক্তব্য আগবঢ়াই সকলোৰে শলাগ লয়। সভাত জ্যেষ্ঠ সাংবাদিক অতুল কুমাৰ বৰ্মনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সভাত শলাগৰ শৰাই আগবঢ়াই প্ৰশান্ত মদণ্ডল্যই। অসম সংগীতেৰে সভাৰ সামৰণি পৰে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন