মহানগৰীৰ পথত দিনে-নিশাই চোকা দৃষ্টি পৰিবহণ বিভাগৰ -পথ-সুৰক্ষাৰ জনসচেতনতা সৃষ্টিৰ বাবে ব্যতিক্ৰমী কাৰ্যসূচী

0 126

মাজত মাথোঁন এটা দিন। বহু জল্পনা-কল্পনা আৰু হেপাঁহৰ নতুন বছৰক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী চহৰ গুৱাহাটীবাসীয়ো সাজু হৈছে। অনাগত দিনবোৰ নিজৰ লগতে পৰিয়ালৰ আটাইৰে সুখ-সমৃদ্ধি আৰু সুৰক্ষিত হোৱাৰ কামনাৰে সকলোৱে নেদেখাজনক প্ৰাৰ্থনা জনাইছে। সেয়ে নতুন বছৰৰ প্ৰাকমুহূৰ্তৰ এনে উৎসৱমুখৰ, আনন্দময় পৰিৱেশত যাতে পথ-দুৰ্ঘটনাই কোনো পৰিয়াললৈকে অনাকাংক্ষিত বিষাদ কঢ়িয়াই আনিব নোৱাৰে তাক লৈ অধিক তৎপৰ হৈ উঠিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। এই সন্দৰ্ভত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে নতুন বছৰত ৰাজ্যৰ অনান্য ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা পাৰ্যমানে নাইকিয়া কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী, আবকাৰী আৰু পৰিবহণ বিভাগ একাকাৰ হৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে । দিনে-নিশাই মহানগৰখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পথত উদণ্ড সুৰাপায়ী আৰু যানবাহন আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে চলিছে অভিযান। বিশেষকৈ নিশাৰ ভাগত গুৰু-গোসাঁই নমনা কোনো উদণ্ড চালকে যাতে মহানগৰখনৰ যাত্ৰী-পথচাৰীৰ জীৱনলৈ ভয়ংকৰ বিপদ কঢ়িয়াই নোৱাৰে সেই সন্দৰ্ভত বিভাগে চোকা দৃষ্টি ৰাখিছে। অনাগত কেইদিনত সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত মহানগৰখনৰ বিভিন্ন স্থানত আকস্মিক অভিযান চলোৱাৰো তেওঁ ইঙ্গিত দিয়ে। তেওঁ কয় যে নতুন বছৰত যানবাহন আইনৰ ক্ষেত্ৰত পৰিবহণ বিভাগ পূৰ্বতকৈও অধিক সতৰ্ক আৰু কঠোৰ হ’ব । নতুন বছৰ আদৰাৰ নামত চালকে সুৰাপান কৰি গাড়ী চলালে পৰিবহণ আইনৰ ১৮৫ধাৰা অনুসৰি ১০হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে তেনে বাহনৰ চালক ৰঙাঘৰৰ আলহী পৰ্যন্ত হ’ব লাগিব। যান-বাহন আইন উলংঘা কৰিলেই গোচৰ পঞ্জীয়ন হ’ব বাহনৰ চালক আৰু গৰাকীৰ বিৰুদ্ধে । উল্লেখ্য যে, পৰিবহণ বিভাগে ইয়াৰ সমান্তৰালভাৱে পথচাৰীকে ধৰি সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ স্বতঃস্ফূৰ্ত সহযোগিতাত পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখা বিষয়তো গুৰুত্ব দিছে। কিয়নো ৰাইজে নখ জোকাৰিলে নৈ বয়। পথ দুৰ্ঘটনা যিহেতু মানৱ সৃষ্ট, সেয়ে সকলোৰে আন্তৰিক প্ৰচেষ্টাত পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পৰা যায়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে জ্যেষ্ঠ পৰিবহণ বিষয়াগৰাকীৰ তত্ত্বাৱধানত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানত যোৱা কেইদিনত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। দেওবাৰে সোনাপুৰৰ আম্প্ৰীভেলীত অনুষ্ঠিত অৰেঞ্জ ফেষ্টিভেল, শনিবাৰে ধৰবাম-উলনী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহ আৰু হাজোৰ হালোগাৱত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাৰ মঞ্চত পথ সুৰক্ষা সজাগতাৰ ব্যাপক জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এইখন অসমৰে এহাল পিতৃ-মাতৃৰ একমাত্ৰ সন্তান, মেধাৱী ছাত্ৰই অনিয়ন্ত্ৰিত গতিত বাইক চলাই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ কাৰণে পঙ্গুত্ব বৰন কৰিবলগীয়া হোৱা বাস্তৱৰ এটি কৰুণ কাহিনীৰ আধাৰত ডিমৰীয়াৰ অৰেঞ্জ ফেষ্টিভেলৰ মঞ্চত ছুটি নাট আৰু হাজোৰ একাংক নাট প্ৰতিযোগিতাৰ মঞ্চত পথ সুৰক্ষা সজাগতামূলক গীত পৰিৱেশন কৰি হাজাৰ হাজাৰ দৰ্শকক যানবাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়ম সন্দৰ্ভত ভবাই তোলা হয়। ইফালে শনিবাৰে ৰাতিপুৱা ধৰবাম-উলনী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত পৰিবহণ বিভাগৰ পৰা বিভিন্ন ক্ষেত্ৰৰ সাংস্কৃতিক ব্যক্তিৰ অংশগ্ৰহণৰে পথ-সুৰক্ষাৰ ব্যাপক জনজাগৰন সৃষ্টি কৰা হয় । সোনাপুৰৰ ঘাই পথৰ পৰা বৃহৎ অঞ্চলটোৰ গাৱে-ভূঞে কেইবাহাজাৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীৰ স্বতঃস্ফূৰ্ত সহযোগিতাত উলিওৱা পৰিবহণৰ এই কাৰ্যসূচীয়ে সৰ্বস্তৰৰ ৰাইজৰ মাজত পথ সুৰক্ষাৰ জনসচেতনতা সৃষ্টিত অৰিহণা যোগায় । পথ সুৰক্ষা সজাগতা শোভাযাত্ৰালৈ ওলাই আহি গাৱৰ ৰাইজে স্বইচ্ছাই আগবঢ়োৱা সহযোগিতা তথা পথ-সুৰক্ষাৰ শ্ল’গান দিয়া কাৰ্য আছিল মনকৰিবলগীয়া। অনুষ্ঠানসমূহত উপস্থিত থাকি পৰিবহণ বিষয়া গৰাকীয়ে জাৰকালি নিশা হ’লেই ডাঠ কুঁৱলীয়ে বাট-পথ মনিব নোৱৰা কৰা অৱস্থাৰ কথা উল্লেখ কৰি এই সময়চোৱাত নিশা অত্যন্ত সাৱধানতাৰে বাহন চলাবলৈ আহ্বান জনায়। এনে অৱস্থাত পৰাপক্ষত ৰাতিৰ ভ্ৰমণ বাতিল কৰিবলৈকো তেওঁ কাতৰ অনুৰোধ জনায়। একেদৰে নতুন বছৰৰ প্ৰাকমুহূৰ্তত তেওঁ সকলো যানবাহনৰ গৰাকীকে বাহনৰ যান্ত্ৰিক সক্ষমতাৰ প্ৰতি সঘনে লক্ষ্য ৰখাৰ উপৰি নথিপত্ৰসমূহ সকলো সময়তে সঠিক কৰি ৰাখিহে বাহন চলাবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.