মহাপুৰুষকলৈ কিতাপ লিখিছে এজন অনাঅসমীয়াই

1 255

গুৰুজনাৰ আদৰ্শ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি বহুতেই বিভিন্ন অনুষ্ঠান পাতো, সভা সমিতিয়ে নানা ভাষণ দিও। কিন্তু আমি কিমানজনে গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা বাবে প্ৰয়াস কৰো… আজি এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাবলৈ বিচাৰিছো, তেখেতে অনা অসমীয়া হৈও অসম আৰু অসমীয়াৰ স্বাৰ্থত এনে কিছুমান কাম কৰিছে, যিবোৰ কামে প্ৰতিজন অসম প্ৰেমীক আলোড়িত কৰি ৰাখিছে।

তেখেতৰ নাম সাঁৱৰমল সাংগানেৰিয়া৷ ঘৰ গুৱাহাটীৰ ফেন্সি বজাৰত। স্কুলৰ দিনৰ পৰা লেখা- মেলা কৰি ভালপোৱা সাংগানেৰিয়াই মহাপুৰুষ শংকৰদেৱৰ জীৱন কাহিনীৰ ওপৰত ভিত্তি কৰি লুইতৰ মানস পুত্ৰ শংকৰদেৱ নামৰ কিতাপখন হিন্দী ভাষাত লিখি উলিয়াইছে। জানি সুখী হ’ব যে এই কিতাপ খন ইতিমধ্যে মালায়লম, মাৰাঠী আদি কৰি বহু কেইটা ভাষালৈ অনুবাদ হৈছে। এই সম্পৰ্কে সাঁৱৰমল সাংগানেৰিয়াই nefocus.com ৰ আগত এনেদৰে কয় – ব্যৱসায়ৰ সূত্ৰে যেতিয়া মুম্বাইত থাকো, সেই সময়ত মুম্বাইত থকা বহু ব্যক্তিয়ে অসম আৰু অসমীয়া সমাজ ব্যৱস্থাৰ সম্পৰ্কে জানিবলৈ বিচাৰে। সেই সূত্ৰে হিন্দী ভাষাত শংকৰদেৱৰ সম্পৰ্কত গ্ৰন্থ লিখা পোষকতা কৰো।

উল্লেখযোগ্য যে ২০১০ চনত মুম্বাইৰ গৌৰেগাৱত ড৹ ভূপেন হাজৰিকা, সাহিত্যিক মামনি ৰয়চম গোস্বামী, আৰু চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ উপস্থিতিত লুইতৰ মানস পুত্ৰ শংকৰদেৱ উন্মোচন কৰো। কিতাপখনে পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। কিতাপ পঢ়ি বহুতে অসমলৈ আহিছে। মুম্বাইৰ অংকিতা মিশ্ৰই বোম্বে বিশ্ববিদ্যালয়ৰ পৰা মধ্যযুগৰ শকংৰদেৱৰ লোকচেতনাক বিষয় লৈ এম.ফিল সম্পূৰ্ণ কৰিছে।

৭৩ বছৰীয়া সাংগানেৰিয়াই লক্ষ্মীনাথ হেজবৰুৱা, মহেশ্বৰ নেওগ, ড৹ লক্ষ্মীনন্দন বৰা, চৈয়দ আব্দুল মালিকে ধৰি বহু কেইজন প্ৰসিদ্ধ লেখকৰ গ্ৰন্থ অধ্যয়ন কৰি কিতাপখন লিখি উলিয়াইছে। বৰ্তমানেও তেখেতে মহাপুৰুষ মাধৱদেৱৰ সম্পৰ্কে গ্ৰন্থ লিখাৰ কামত ব্যস্ত হৈ আছে।

অসমৰ হাৱা-পানী সেৱন কৰি চিৰদিন অসমীয়া হৈ থাকিবলৈ ভালপোৱা অসম প্ৰেমী ব্যক্তিজনক এই ছেগতে অফুৰন্ত শুভকামনা জনাইছো।

প্ৰিয় পাঠক nefocus.comয়ে সদায়ে ব্যতিক্ৰম ধৰণৰ অনুসন্ধানমূলক খবৰ প্ৰকাশ কৰি আহিছে। ইতিবাচক চিন্তাৰে nefocus.com সদায় উজ্জীৱিত। মাথো হৈ ৰওক আমাৰ সহযোগী।

 
সম্পাদক
সংগীতা শইকীয়া
এন ই ফকাচ.কম

1 Comment
  1. অৰুণজ্যোতি বৰা says

    ভাল খবৰ অসমবাসীৰ বাবে , সন্মান জনোৱা উচিৎ সাংগানেৰীয়াক

Leave A Reply

Your email address will not be published.