মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২আজি সমগ্র দক্ষিণ কামৰূপ অঞ্চলৰ ১১ খনকৈ সত্ৰত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত বৃক্ষৰোপণ কৰা হয়। বকুল, ভোমোৰা, আমলখি, শিলিখা, বৰ জাম, জলফাই আদি গছ ৰোপণ কৰা হয়। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ এই মহান প্ৰচেষ্টাক বৃহত্তৰ অঞ্চলৰ বিদ্বৎ ৰাইজে একেমুখে শলাগ লয়। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক-লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, কাৰ্যনিৰ্বাহ সদস্য সীমান্ত দাস, ধৰ্মেন্দ্ৰ দাস, বিমল নাথৰ নেতৃত্বত সত্ৰই সত্ৰই গৈ বৃক্ষৰোপণ কৰা হয়। সত্ৰ ক্ৰমে- ১)ঈশ্বৰ শ্রীশ্রী চতুর্ভুজ বৰফুলগুৰি সত্ৰ, ২) শ্ৰীশ্ৰী চতুর্ভুজ সৰুফুলগুৰি সত্ৰ (বৰপতিমা), ৩)বৰ হেৰামদো সত্ৰ, ৪)সৰু হেৰামদো সত্ৰ, ৫)শিকাৰহাটী কলিয়া ঠাকুৰ বিগ্রহ সত্ৰ, ৬)সানপাৰা শ্রীশ্রী বংশী গোপাল সত্ৰ, ৭)কৰিয়াকাতা চতুর্ভুজ সত্ৰ, ৮)জয়পাৰা চতুর্ভুজ সত্ৰ, ৯)শ্ৰীশ্ৰীকৈটাসিদ্ধি সত্ৰ, ১০) শ্রীশ্রী চতুর্ভুজ হাতী আৰু ১১)মাজপাৰা শ্রীশ্রী চতুর্ভুজ সত্ৰ। এই সমগ্র কাৰ্যসূচীত বিশিষ্ট শিক্ষাবিদ তথা বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, বৰ হেৰামদো সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্ত, সৰু হেৰামদো সত্ৰৰ সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্ত, বৰ হেৰামদো ৰাইজ গয়ৰহৰ সভাপতি চন্দ্র বৰুৱা, বৰিহাট নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কৰুণা মহন্ত, কৃষক ৰঘুনাথ কলিতা, ফুলগুৰি আঞ্চলিক হাইস্কুলৰ অৱসৰী শিক্ষক ললিত কুমাৰ দাস, সত্ৰৰ গায়ন বদন চন্দ্র দাস, কৃষক নৰেন দাস, জয়ন্ত কলিতা, হিতেশ দাস, ধীৰেণ দাস, সমাজকৰ্মী উপেন দাস, ৰমানন্দ কলিতা, ৰঞ্জিৎ দাস, ভকত অনন্ত মহন্ত, দেবেন কলিতা, বিশিষ্ট চিকিৎসক ডা: তৰুণ চন্দ্র দাস, উদ্ধৱ দাস, ‘মেধি’ জিতেন কলিতা, সমাজকৰ্মী শৰৎ দাস, শৈলেন মেধি, দেবেন ঠাকুৰীয়া, উপেন ঠাকুৰীয়া, প্ৰদীপ চন্দ্র নাথ, ৰত্নেশ্বৰ নাথ, প্ৰফুল্ল চৌধুৰী, অশোক দাস, বঙৰা গাঁৱ পঞ্চায়তৰ প্ৰাক্তন সভাপতি চিত্ৰলেখা চৌধুৰী, গনেশ তালুকদাৰ, ৰমেশ তালুকদাৰ প্ৰভৃতি ভালেসংখ্যক সত্ৰপ্ৰেমী, সাহিত্য, কলা-কৃষ্টি-সংস্কৃতি আদিৰ স’তে জড়িত লোকে অংশগ্রহণ কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মাই কয়- গুৰুজনাই নি:স্বাৰ্থভাৱে ঐকান্তিকতাৰে ৰাইজৰ সেৱা কৰিছিল। সাহিত্য- গীত-মাত ৰচনাৰ ক্ষেত্রত যিদৰে তেওঁ মনোনিবেশ কৰিছিল, সেইদৰে গছ ৰোপণৰ কৰিও সমাজৰ হিত সাধিছিল। মাধৱদেৱে অক্লান্ত আৰু সচাঁ অৰ্থত ত্যাগৰ মহিমাৰে মানৱ সেৱাৰ বাবে জীৱন অতিবাহিত কৰিছিল। মাধৱদেৱৰ ত্যাগ আছিল অদ্বিতীয়। সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ গুৰুজনাৰ আদৰ্শৰে আমি আগবাঢ়িব লাগে। তেওঁলোকে দি যোৱা বিশাল কৰ্মৰাজী আজিৰ প্ৰজন্মই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে। শিক্ষাবিদ-সাহিত্যিক গৌৰীকান্ত নাথে কয়- আজিৰ দিনটোত সচেতন মঞ্চই লোৱা পদক্ষেপ অতি অতুলনীয়। গুৰুজনাৰ তিথিত বৃক্ষৰোপণৰ দৰে মহান কৰ্মৰে নিয়োজিত হোৱাত আমি গভীৰ ভাৱে আহ্লাদিত। বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্তই কয়- সচেতন মঞ্চৰ এই পদক্ষেপে এদিন নহয় এদিন জগত সভাত স্থান পাবই। ভিন ভিন প্ৰান্তত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখি সচেতন মঞ্চৰ কাৰ্যক্ৰম অতি আদৰণীয় বুলি মতপোষণ কৰে।
Trending
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup