ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ উপলক্ষে যোৱা ২১ডিচেম্বৰত নেডফিৰ প্ৰেক্ষাগৃহত গুৱাহাটী মহানগৰৰ মহিলাসকলক লৈ এখনি মহিলা সমন্বয় সম্নিলন অনুষ্ঠিত হয়। সম্নিলনৰ আৰম্ভণিত মহিলা সমন্বয় সম্নিলন গুৱাহাটী মহানগৰৰ সংযোজিকা ড০ ৰাজশ্ৰী শইকীয়াই কাৰ্যক্ৰমৰ উদ্দেশ্য ব্যাখ্যা কৰে।উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ শ্ৰদ্ধাৰ খগেন শইকীয়া উপস্থিত থাকে।ভাৰতীয় পৰিয়ালৰ অৱধাৰণা আৰু মহিলাৰ ভূমিকা এই শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে।তেওঁ কয় যে ভাৰতীয় পৰিয়াল ব্যৱস্থাত মহিলাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু বহুমুখী। মহিলা কেৱল পৰিয়ালৰ যত্নকাৰী নহয়, তেওঁলোক পৰিয়ালৰ নৈতিকতা, সংস্কাৰ আৰু মূল্যবোধৰ প্ৰধান বাহক। এজনী মাতৃ হিচাপে তেওঁ সন্তানৰ চৰিত্ৰ গঠনত মুখ্য ভূমিকা পালন কৰে আৰু তেওঁলোকক সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলে।
গৃহিণী হিচাপে মহিলা পৰিয়ালৰ দৈনন্দিন ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থাপনা আৰু সদস্যসকলৰ সুস্থতা নিশ্চিত কৰে। একে সময়তে, আজিৰ যুগত বহু মহিলা শিক্ষা, চাকৰি, ব্যৱসায় আৰু সামাজিক ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ পৰিয়ালৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।ভাৰতীয় পৰিয়ালত মহিলা সহনশীলতা, ত্যাগ, সহানুভূতি আৰু সমন্বয়ৰ প্ৰতীক। পৰম্পৰা আৰু আধুনিকতাৰ মাজত সেতুবন্ধন গঢ়ি তুলি মহিলা পৰিয়ালক সুস্থ, সুসংগঠিত আৰু মূল্যবোধসমৃদ্ধ কৰি ৰাখে। সেয়ে ক’ব পাৰি যে ভাৰতীয় পৰিয়ালৰ মজবুত ভিত্তি গঢ় দিয়াত মহিলাৰ ভূমিকা অপৰিসীম।লগতে উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰিকা নীতা দেৱীয়ে পৰিৱৰ্তনত মহিলাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। আৰু সদৌশেষত কল্যাণী ঠাকুৰীয়াই শ্বহীদ কনকলতা বৰুৱাৰ সম্পর্কত বক্তব্য আগবঢ়ায়। নৱমল্লিকা ডেকাই সম্নিলনখন পৰিচালনা কৰে।সম্নিলনৰ শেষত অৰ্পণা গগৈয়ে শলাগৰ শৰাই আগবঢ়াই।