মহেন্দ্ৰ কন্দলিৰ টোলত জৈৱিক পদ্ধতিৰে কৃষি কৰিছে

0 688

অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ নিচেই সমীপৰ শ্ৰীশ্ৰী দৌল মন্দিৰৰ গাতে লাগি থকা বটদ্ৰৱা মহেন্দ্ৰ কন্দলি সংস্কৃত টোল পৰিত্যক্ত ভূমিভাগত এইবাৰ জৈৱিক শাক পাচলিৰ খেতি কৰি অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিদ্যালয় কৰ্তৃপক্ষ। জানিব পৰা মতে বটদ্ৰৱা সংস্কৃত টোলৰ অধ্যক্ষ উৎপল শৰ্মা আৰু বিজ্ঞান শিক্ষক বলীন্দ্ৰ নাথ ডেকা প্ৰচেষ্টাত শিক্ষানুষ্ঠান খনৰ উক্ত ভূমি ভাগত  বিভিন্ন শাক পাচলিৰ খেতি কৰা  হৈছে । শিক্ষানুষ্ঠান খনৰ আগফাল আৰু পাচফালৰ মুঠ তিনি বিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বন্ধা কবি, ফুল কবি, উলকবি, আলু, লাই, পালেং, মুলা, ৰঙালাওৰ খেতিৰ উপৰিও বিভিন্ন থলুৱা ফুলৰ এখনি বাগান সুন্দৰকৈ প্ৰস্তুত  কৰিছে। বটদ্ৰৱা ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ কাষত থকা শিক্ষানুষ্ঠান খনৰ শিক্ষক সকলৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাত গঢ়ি উঠা সেউজীয়া পৰিবেশক বিভিন্ন জনে প্ৰশংসা কৰিছে। খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে.. 
 

Leave A Reply

Your email address will not be published.