মাজুলীৰ ৰঙা বাওধান হ`ল বিশ্ব বজাৰমুখী

0 243

হায়দৰাবাদৰ এটি কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি অষ্ট্ৰেলিয়া, ইউ এছ এ, বেলজিয়াম আৰু জাপানত বিক্ৰীৰ বাবে উদ্যোগ লৈছে।এই উপলক্ষে মাজুলী জিলা প্ৰশাসন, মাজুলী জিলা কৃষি বিভাগ, এপাৰ্ট আৰু মাজুলী ৰিভাৰ বেংক ফাৰমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজিত এক “ফ্লেগ অফ” অনুষ্ঠানত বিশ কুইন্টল ৰঙা বাও চাউল পৰিবহণ কৰা বাহনৰ ফ্লেগ অফ কৰি কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে।অনুষ্ঠানত অংশগ্রহণ কৰি কৃষি পৰামৰ্শদাতা, প্ৰাক্তন যুটীয়া সঞ্চালক ড০ ইমৰান হুছেইনে কয় উৎপাদন আৰু বাণিজ্য দুয়োটা দিশৰ প্ৰতি আমাৰ কৃষকসকলে গুৰুত্ব দিব লাগিব। কৃষকসকলেই মাজুলীক কৃষিৰ ক্ষেত্ৰত নিশ্চিতভাৱে দেশৰ ভিতৰতে শিখৰলৈ নিব পাৰিব। এইক্ষেত্ৰত কৃষকক সহায়ৰ বাবে কৃষি বিষয়াসকলৰ দুৱাৰখন সদায় খোলা আছে।
তেওঁ আৰু কয় এই সময়খিনিয়েই উৎপাদনৰ বাবে মাজুলীৰ কাৰণে উপযুক্ত সময়। প্ৰয়োজন হ’লে কৃষকৰ পথাৰখন আমি ৰাতিও খোলা ৰাখিব পাৰোঁ। মাজুলী জিলা কৃষি বিষয়া বেণীমাধৱ বৰুৱাই ৰঙা বাও মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰি কয়, বিদেশেই নহয় দেশৰ ভিতৰতো ইয়াৰ যথেষ্ট চাহিদা আছে। বিদেশী বৃহৎ কোম্পানীবোৰে বিদেশলৈ পঠোৱা এই ৰঙা বাও চাউলৰ যথেষ্ট পৰীক্ষা নিৰীক্ষা সম্পাদন কৰিহে মাজুলীৰ ৰঙা চাউলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।বিশেষকৈ প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰন থকা, প্ৰকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক কীটনাশক বা বননাশক প্ৰয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্ৰাস নাপায়। বিদেশী ৰাষ্ট্ৰত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে মাজুলী, অসম তথা ভাৰতৰ নাম উজলি থাকিব।অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া অৰুণ পাঠক, মহকুমা কৃষি বিষয়া ইৰশ্বাদ আলী, জিলা তথ্য আৰু জনসংযোগ বিষয়া তাপস বৰা আদিয়ে অনুষ্ঠানটোত উপস্থিত থাকি উদ্যোক্তাসকলৰ শলাগ লোৱাৰ লগতে ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰখাত গুৰুত্ব দিবলৈ আহ্বান জনায়।উল্লেখ্য মাজুলী ৰিভাৰ বেংক ফাৰমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডত মুঠ ২৭ কৃষক গোটত ২০জনকৈ মুঠ ৫৪০ জন কৃষক জড়িত হৈ আছে। ৰঙা চাউলৰ সমান্তৰালকৈ পৰ্যায় ক্ৰমে সৰিয়হৰ তেল, গুৰ, নহৰু আৰু উখোৱা চাউল, নেমু আদিও বিদেশলৈ ৰপ্তানি কৰি কৃষকসকলক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা চলি থাকিব।

Leave A Reply

Your email address will not be published.