মাতৃ সন্মিলন অনুষ্ঠিত

0 177

কালি গুৱাহাটীৰ শংকৰদেৱ শিশু কুঞ্জত ২০২৩-২৪ শিক্ষাবৰ্ষৰ মাতৃসন্মিলনখন অনুষ্ঠিত কৰা হয়।মাতৃভাৰতীৰ সভানেত্ৰী বিদুলী দাস বৰুৱাৰ সভানেত্ৰীত্বত আৰম্ভ হোৱা মাতৃ সন্মিলনখন উদ্বোধন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি ড° ধৰণীধৰ গোস্বামীয়ে।উদ্বোধনী ভাষণত তেখেতে শিশুক উপযুক্ত কৰি গঢ় দিয়াত মাতৃৰ দায়িত্ব কি তাৰ ওপৰত আলোকপাত কৰে৷ প্ৰাস্তৱিক ভাষন আগবঢ়াই নিকেতনৰ প্ৰধানাচাৰ্যা কমলা গোস্বামীয়ে৷নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ড°প্ৰদীপ শৰ্মাৰ পৰিচালনাত নতুনকৈ মাতৃভাৰতী খন গঠন কৰা হয়৷ মুঠ ২০জনীয়া সদস্যৰে কমিটি খন গঠন কৰা হয়৷অনুষ্ঠানত মাতৃসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে তেওঁলোকৰ মাজত বিয়া নাম,হস্তকলা প্ৰদৰ্শনী,বেলুন ফুলোৱা আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

দুই শতাধিক মাতৃৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সন্মিলনত মুকলি সভাৰ আৰু বঁটা বিতৰণী সভাৰ সভানেত্ৰী আসন অলংকৃত কৰে নৱনিৰ্ব্বাচিত সভানেত্ৰী ময়ূৰী ভট্টাচাৰ্যই৷ বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে ক্ৰমে – আৰ্য কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন অধ্যাপিকা আৰু উওৰ অসম প্ৰান্তৰ ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ এগৰাকী সংযোজিকা লগতে বিদ্যাভাৰতীৰ এগৰাকী জেষ্ঠ্য কাৰ্যকৰ্তা ড°নীলিমা গোস্বামী, গুৱাহাটীৰ KGMT চিকিৎসালয়ৰ চিকিৎসক স্ত্রীৰোগ বিশেষজ্ঞা ডা: নৱমিতা বৰা আৰু গুৱাহাটী বিভাগ নিৰীক্ষক আৰু শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন কাৰ্যকৰ্তা ভাস্কৰ দাসে । তেখেত সকলে শিশু সকলৰ সু সংস্কাৰ, সু স্বাস্থ্য, মাতৃ সকলৰ দায়িত্বৰ আদিকে ধৰি বহু বিষয়ৰ মাৰ্গদৰ্শন আগবঢ়ায়৷
অনুষ্ঠানটিত শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ মাননীয় প্ৰধানাচাৰ্য তপন শৰ্মা উপস্থিত থাকে৷মাতৃ সকলে গীত,নৃত্য পৰিবেশন কৰাৰ লগতে নিজৰ অনুভৱ প্ৰকাশ কৰে৷ অতি উলহ-মালহেৰে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ বাবে নিকেতনৰ প্ৰধানাচাৰ্যাৰ লগতে সমূহ আচাৰ্য-আচাৰ্যাই গৌৰৱ অনুভৱ কৰে৷

Leave A Reply

Your email address will not be published.