বকোত অনুষ্ঠিত অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক সাধাৰণ অধিবেশনত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

0 156

কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত আজি অনুষ্ঠিত অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক সাধাৰণ অধিৱেশনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই। অনুষ্ঠানত ভাষন প্ৰসংগত তেওঁ উল্লেখ কৰে যে বৰ্তমান এই পৰিবৰ্তনৰ যুগত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰবৰ্তনৰ লগতে আমাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা ক্ষেত্ৰখনৰ উৰ্দ্ধমূখী যাত্রাত মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক আৰু অধ্যাপিকা সকলে এক গুৰু দায়িত্ব বহন কৰিব লাগিব। তেওঁ লগতে কয় যে আমি ছাত্ৰ- ছাত্ৰীৰ বাবে প্ৰতি গৰাকী শিক্ষা গুৰুৰ পৰা গুণগত শিক্ষাদানৰ আশা কৰোঁ।

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ ব্যক্তিগত উপলদ্ধি হৈছে যে আমাৰ কিতাপ সমূহ প্ৰকাশৰ ক্ষেত্ৰত এক বৃহৎ পেচাধাৰী নিয়ম প্ৰয়োগৰ দৰকাৰ। কাৰণ পাঠকৰ দৃষ্টি আকৰ্ষণৰ বাবে বিষয় উপস্থাপন কৰাতো প্ৰকাশক আৰু লিখকৰ প্ৰধান দায়িত্ব। মন্ত্ৰী গৰাকীয়ে বৰ্তমান সময়ত মহাবিদ্যালয়ৰ অধ্যক্ষ সমূহক টুইটাৰ বা সামাজিক ম্যাধমৰ লগত জড়িত হৈ থাকিবলৈ আহ্বান জনায় কাৰণ ইয়াৰ দ্বাৰা পলকতে দেশ বিদেশৰ শিক্ষানুষ্ঠানৰ খবৰ বা বিজ্ঞান, প্ৰযুক্তি আৰু সাহিত্যৰ যি কোনো কথা গম পোৱা যায় যাৰ জৰিয়তে তেওঁলোকৰ লগতে শিক্ষানুষ্ঠান খনো উপকৃত হ’ব। তেওঁ লগতে পৰ্য্যায় ক্ৰমে নিয়ম অনুযায়ী শিক্ষা বিভাগে মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যাপিকা সকলৰ অভাৱ অভিযোগ সমূহ সমাধান কৰিবলৈ ব্যবস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰে। এই অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সৌমাৰজ্যোতি মহন্ত, সচিব ড° ৰঞ্জন কলিতা, পৰিচালনা সমিতিৰ সভাপতি লক্ষী কান্ত শৰ্মা আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.