নগাঁৱৰ জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ উৎসৱ উদযাপন

0 286

ভাৰতৰ স্বাধীনোত্তৰ কালৰ ১৯২২ চনতে স্থাপিত অবিভক্ত নগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ অন্যতম চৰকাৰী প্ৰতিস্থান জাজৰি ৰাজ্যিক চিকিৎসালয়ে ইতিমধ্যে শতবৰ্ষ গৰকিছে। অবিভক্ত নগাঁও জিলাৰ পশ্চিমাঞ্চল হাতীচোং আৰু শিলপুখুৰী মৌজাৰ স্বাস্থ্য সেৱাৰ অনুষ্ঠানটিৰ শতবৰ্ষ অনুষ্ঠানটি উদযাপন লগত সংগতি ৰাখি আজি অনুষ্ঠিত হয় শুভ আৰম্ভণি অনুষ্ঠান। আজি পুৱা ৯.৩০ বজাত গায়ন-বায়ন, শংখ-উৰুলি ধ্বনিৰে পতাকা উত্তোলন কৰে শতবৰ্ষ উৎসৱ উদযাপন সমিতিৰ সভাপতি আবুল খায়েৰ আহমেদে। তাৰ পিছতে স্মৃতি তৰ্পন কৰে অৱসৰ প্ৰাপ্ত নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: অতুল চন্দ্ৰ পাটৰে। তিনিটা গছপুলি ৰোপন কৰে ক্ৰমে নগাঁও জিলা সহকাৰী যুটীয়া স্বাস্থ্য বিষয়া ডা: জয়ন্ত কুমাৰ দাস, শিক্ষাবিদ জীৱন ৰাম বৰা, ডা: থানুৰাম হাজৰিকাই। ইয়াৰ পিছতে আবুল খায়েৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, ডা: জয়ন্ত কুমাৰ দাস, ডা: অতুল চন্দ্ৰ পাটৰ, ডা: উৎপল কুমাৰ মহন্তকে ধৰি কেইবাগৰাকী বক্তাই শতবৰ্ষ উৎসৱ উদযাপন কৰাটো এক ঐতিহাসীক সিদ্ধান্ত বুলি কৈ যোগাত্মক বক্তব্য প্ৰদান কৰে।শতবৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনত অঞ্চলৰ দুই শতাধিক গণ্য-মান্য লোক উপস্থিত থাকে।

বাতৰি যুগুতাতে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.