মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে

0 293

লক ডাউনৰ সময়ত সমগ্ৰ দেশতে পথাচাৰী, দৰিদ্ৰ আৰ্তজনক বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে খাদ্য সামগ্ৰী বিতৰণ কৰি সহায় কৰা পৰিলক্ষিত হৈছে।কালি  সন্ধিয়া টীয়কৰ জগদুৱাৰ অঞ্চলত টীয়কৰ চটাইস্থিত শ্যাম টি চাহ উদ্যোগ তথা শ্যাম মণ্ডল কীৰ্ত্তন মণ্ডলী যোৰহাটৰ উদ্যোগত চাউল,দাইল,আলু,তেল আদি খাদ্য সামগ্ৰী অঞ্চলটোৰ দিন হাজিৰা কৰি পেটে ভাতে খাই থকা কেইবাটাও পৰিয়ালৰ ঘৰে ঘৰে গৈ স্থানীয় একাংশ সচেতন যুৱকে বিতৰণ কৰে।
 
 
শ্যাম টি উদ্যোগৰ স্বত্বাধিকাৰী কমল জালানে এই দিন হাজিৰা কৰা ব্যক্তিসকলৰ এই লক ডাউনৰ ফলত খাদ্য সামগ্ৰীৰ যাতে অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্য অনুসৰি এমুঠি অন্নৰ টোপোলা ঘৰে ঘৰে গৈ বিতৰণ কৰিছে আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে যোৰহাটৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰায় দুহেজাৰ ঘৰ পৰিয়ালক সহায় কৰিবলৈ মনস্থ কৰিছে বুলি জানিবলৈ দিছে।
 
 
লগতে লক ডাউনৰ অনাগত দিনকেইটাতো এইদৰে প্ৰতিজনে প্ৰতিজনক সহায় হাত আগবঢ়াবলৈ আহ্বান জনাইছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.